• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উত্তৰ পূবৰ মণিপুৰত প্ৰথমবাৰৰ বাবে মিছ ইণ্ডিয়া ফেমিনা২০২৩ ৰ গ্ৰেণ্ড ফাইনেল! ৩০ প্ৰতিযোগীৰ মাজত উজলিছে অসমৰ অনুষ্কা লেখাৰু

উত্তৰ পূবৰ মণিপুৰত প্ৰথমবাৰৰ বাবে মিছ ইণ্ডিয়া ফেমিনা২০২৩ ৰ গ্ৰেণ্ড ফাইনেল! ৩০ প্ৰতিযোগীৰ মাজত উজলিছে অসমৰ অনুষ্কা লেখাৰু

3 years ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

24 minutes ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

1 hour ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

1 hour ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

2 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

2 hours ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

3 hours ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

3 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

4 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

5 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

6 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

6 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

উত্তৰ পূবৰ মণিপুৰত প্ৰথমবাৰৰ বাবে মিছ ইণ্ডিয়া ফেমিনা২০২৩ ৰ গ্ৰেণ্ড ফাইনেল! ৩০ প্ৰতিযোগীৰ মাজত উজলিছে অসমৰ অনুষ্কা লেখাৰু

editor by editor
April 12, 2023
in অসম, জীৱনশৈলী, ফেশ্বন, ভাৰত
0
উত্তৰ পূবৰ মণিপুৰত প্ৰথমবাৰৰ বাবে মিছ ইণ্ডিয়া ফেমিনা২০২৩ ৰ গ্ৰেণ্ড ফাইনেল! ৩০ প্ৰতিযোগীৰ মাজত উজলিছে অসমৰ অনুষ্কা লেখাৰু
0
SHARES
117
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে মিছ ইণ্ডিয়া ২০২৩ ৰ গ্ৰেণ্ড ফাইনেল অনুষ্ঠিত হ’ব। মণিপুৰত ১৩ এপ্ৰিলত অনুষ্ঠিত হ’ব মিছ ইণ্ডিয়াৰ গ্ৰেণ্ড ফাইনেল। গ্ৰেণ্ড ফাইনেলত ভাগ ল’বৰ বাবে দেশৰ আগশাৰীৰ প্ৰায়সকলোবোৰ মডেলেই উপস্থিত হৈছে উত্তৰ পূবৰ ৰাজ্য মণিপুৰত। সকলো মডেলেই সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে এই অনুষ্ঠানত ভাগ ল’ব বাবে। অসমৰো এগৰাকী মডেলে ভাগ এই অনুষ্ঠানত। মুঠ ৩০ গৰাকী প্ৰতিযোগীৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগীতাত ভাগ ল’বলৈ অসমৰ প্ৰতিযোগী অনুষ্কা লেখাৰুও উপস্থিত হৈছেগৈ মণিপুৰত।

মণিপুৰৰ এক সংবাদ মাধ্যমে শ্বেয়াৰ কৰা ভিডিঅ’ত দেখা অনুসৰি মণিপুৰৰ পৰম্পৰাগত লোকগীতেৰে মডেলসকলক আদৰণি জনোৱা হৈছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙেও প্ৰতিযোগীসকলক উষ্ম আদৰণি জনাইছে। মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে তেওঁৰ ফেচবুক পৃষ্ঠাত লিখিছে, ‘ফেমিনা মিছ ইণ্ডিয়াৰ সকলো প্ৰতিযোগীলৈ শুভেচ্ছা জনাইছো। মই মণিপুৰৰ সকলো প্ৰতিযোগী, সংস্কৃতিৰ ভূমি আৰু ভাৰতীয় ক্ৰীড়াৰ শক্তিক্ষেত্ৰলৈ উষ্ম আদৰণি জনাইছো।’

ইপিনে অসমক প্ৰতিনিধিত্ব কৰা সুন্দৰী মডেল অনুষ্কা লেখাৰুৱেও এই অনুষ্ঠানত ভাগ ল’বলৈ মণিপুৰত উপস্থিত হৈছেগৈ। মণিপুৰত উপস্থিত হৈয়েই অনুষ্কা লেখাৰুৱে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে বিশেষ ভিডিঅ’। মণিপুৰত লাভ কৰা আতিথ্যত অতিকৈ সুখী বুলি জনাইছে অনুষ্কাই। অসমৰ হৈ প্ৰতিনিধিত্ব কৰিও অত্যন্ত সুখী বুলি জনাইছে অনুষ্কাই।

অনুষ্কা লেখাৰু কেৱল এগৰাকী মডেলেই নে?

উত্তৰাখণ্ড ইউনিভাৰ্চিটীৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰীধাৰী অনুষ্কাই কেৱল মডেলিঙৰ ক্ষেত্ৰখনতেই সফল তেনে নহয়। মডেলিঙৰ লগতে এগৰাকী ভাল নৃত্যশিল্পী হিচাপেও অনুষ্কা পৰিচিত। অনুষ্কাই শাস্ত্ৰীয় সংগীততো বিশেষ ডিগ্ৰী গ্ৰহণ কৰিছে। মডেলিঙৰ ক্ষেত্ৰখনে তেওঁক প্ৰতিমুহূৰ্ততেই আকৃষ্ট কৰিছিল যাৰবাৰে ১৬ বছৰ বয়সৰে পৰাই অনুষ্কাই ৰাজ্যৰ লগতে দেশৰ বহু মডেলিং শ্ব’ত অংশগ্ৰহণ কৰি আহিছে। উত্তৰপূবৰ বহু সংখ্যক ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰি খিতাপো অৰ্জন কৰিছে অনুষ্কাই। কেৱল মডেলিঙৰ ক্ষেত্ৰখনতেই অনুষ্কাই নিজকে ব্যস্ত ৰাখে তেনে নহয়। সমান্তৰালভাৱে অনুষ্কাই সমাজৰ বিভিন্ন দিশক লৈ অতি সচেতন। নাৰী সচেতনতাৰ দিশটোক লৈ অনুষ্কাই কয় যে আমাৰ সমাজত সততে বহু নাৰীয়েই যৌন আতিহায্যৰ সন্মুখীন হয়। এইসমূহ বিষয়ে সমাজখনক কলংকিত কৰে। আমাৰ মাজৰ পৰা এনেধৰণৰ মানসিকতাক ত্যাগ কৰিব লাগে। নাৰী কোনো পণ্য সামগ্ৰী নহয়। নাৰী এক সত্ত্বা। এই সত্ত্বাক সমাজৰ প্ৰতিজন মানুহেই সন্মান কৰিব লাগে।

উত্তৰ পূবৰ মংগোলীয়ান চেহেৰাও এই ক্ষেত্ৰত প্ৰতিবন্ধক হৈছে নেকি অনুষ্কাৰ?

সততে উত্তৰপূবক ভাৰতৰ মূল ভূখণ্ডৰ লোকে কিছু পৃথক দৃষ্টিৰে চাই। এই চিন্তাধাৰা তেওঁৰ মডেলিঙৰ ক্ষেত্ৰখনত হেঙাৰো হৈছে। বহুসময়ত অনুষ্কাইয়ো এইধৰণৰ প্ৰতিবন্ধকতাৰ সন্মুখীন হৈছে। কিন্তু অনুষ্কাৰ লক্ষ্যৰ সন্মুখত এইসমূহ কথা তেনেই নগণ্য। মানসিকভাৱে এই প্ৰতিবন্ধকতাৰ বিৰুদ্ধে যুঁজি আজি অসমক প্ৰতিনিধিত্ব কৰি আগুৱাইছে অনুষ্কা। ১৫ এপ্ৰিলত মণিপুৰত অনুষ্ঠিত হ’বলগীয়া মিছ ইণ্ডিয়া ফেমিনা-২০২৩ ত ভাগ ল’ব অনুষ্কাই। নেলছন মেণ্ডেলাৰ জীৱনাদৰ্শনত আকৃষ্ট অনুষ্কাই এই প্ৰতিযোগীতাত অংশগ্ৰহণৰ পূৰ্বে বিচাৰিছে অসমবাসীৰ পৰা অকণমান আশীৰ্বাদ। তেওঁৰ এই যাত্ৰা সফল হওক। অসমলৈ কঢ়িয়াই আনক গৌৰৱ। অনুষ্কাই কঢ়িয়াই আনক মিছ ইণ্ডিয়া ফেমিনা-২০২৩ ৰ সন্মান। অসম লাইভ পৰিয়ালেও আপোনাৰ এই যাত্ৰালৈ জনালো শুভকামনা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!
জীৱনশৈলী

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

April 13, 2026
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!
জীৱনশৈলী

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

April 13, 2026
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!
খাদ্য

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

April 13, 2026
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা
জীৱনশৈলী

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

April 13, 2026
Next Post
কোন মুখ্যমন্ত্ৰী কিমান ধনী? হিমন্ত বিশ্ব শৰ্মাৰ কিমান সম্পত্তি?

কোন মুখ্যমন্ত্ৰী কিমান ধনী? হিমন্ত বিশ্ব শৰ্মাৰ কিমান সম্পত্তি?

কাইলৈ বিহুৱে গঢ়িব বিশ্ব অভিলেখ! ঢুলীয়া, নাচনী, প্ৰশিক্ষকে কিমান টকা ধন পাব ক’লে মুখ্যমন্ত্ৰীয়ে…

কাইলৈ বিহুৱে গঢ়িব বিশ্ব অভিলেখ! ঢুলীয়া, নাচনী, প্ৰশিক্ষকে কিমান টকা ধন পাব ক’লে মুখ্যমন্ত্ৰীয়ে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.