অসম লাইভ২৪ঃ সৰু পৰ্দাৰ পৰিচিত মুখ দীপিকা কক্কৰ৷ ‘কাহা হাম কাহা তুম’ ধাৰাবাহিকত সোনাক্ষী চৰিত্ৰত অভিনয় কৰি সকলোৰে মাজত পৰিচিত হৈ পৰিছিল দীপিকা৷ তাৰপিছতেই দীপিকাই অভিনয় কৰিছিল ‘শশুৰাল সিমাৰ কা’ নামৰ ধাৰাবাহিকত৷ ইয়াৰোপৰি ৰিয়েলিটি শ্বো ‘বিগ বছ’তো দেখা গৈছিল দীপিকাক৷ জনপ্ৰিয়তাৰ শীৰ্ষত থাকোতেই হঠাতেই মাত্ৰ ৩৬ বছৰ বয়সত অভিনয় জগতৰ পৰা বিদায় লোৱাৰ কথা প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে৷ ৩৬ বছৰ বয়সতেই অভিনয় কেৰিয়াৰ ত্যাগ কৰিছে দীপিকাই৷ কিন্তু কিয় অভিনয়ক্ষেত্ৰ বাদ দিলে দীপিকাই? সেই সম্পৰ্কে শেহতীয়াভাৱে এটা ইউটিউব চেনেলত দিয়া সাক্ষাতকাৰ ভাইৰেল হৈ পৰিছে৷
২০১৮ চনত বিবাহপাশত আৱদ্ধ হৈছে দিপিকা৷ অভিনেতা শোৱেইব ইব্ৰাহিমৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে দীপিকা৷ শোৱেইব আৰু দীপিকাই এতিয়া প্ৰথম সন্তানৰ বাবে অপেক্ষা কৰি থকাৰ সময়তেই জনাইছে দীপিকাই অভিনয় কেৰিয়াৰ কিয় বাদ দিলে সেই খবৰ৷ অন্তঃসত্ত্বা বাবেই কেৰিয়াৰ বাদ দিছে এনে নহয়৷ অভিনয় কেৰিয়াৰ পৰিকল্পিতভাৱেই বাদ দিছে দীপিকাই৷ সাক্ষাতকাৰত দীপিকাই কয়, ‘অন্তঃসত্ত্বাকালীন এই সময়ক মই উপভোগ কৰিছো৷ প্ৰথম সন্তানৰ বাবে আমি বৰ আশাৰে অপেক্ষা কৰিছো৷ মই খুব কম বয়সতেই অভিনয় কৰিবলৈ আৰম্ভ কৰিছিলো৷ ইয়াৰপাছত আৰু ৰৈ যোৱা নাই৷ ১০-১৫ বছৰ ধৰি একেৰাহে অভিনয় কৰি গৈছো৷ যেতিয়া প্ৰথম অন্তঃসত্ত্বা হোৱাৰ খবৰটো গম পালো তেতিয়াই মই শোৱেইবক কলো, মই আৰু অভিনয় নকৰো৷ অভিনয় এৰি মই এগৰাকী গৃহিণীৰ লগতে এগৰাকী ভাল মাতৃ হ’ব বিচাৰো৷’
ইয়াৰোপৰি সাক্ষাতকাৰটোত দীপিকাই কয়, ‘মই হঠাতেই অভিনয় জগতলৈ আহিছো৷ এযুগৰো বেছি সময় অভিনয় ক্ষেত্ৰই মোক যি দিছে সেই স্মৃতিক সোঁৱৰিয়েই মই সুখী৷ এতিয়া মই সন্তানক মানুহ কৰাৰ ভূমিকা পালন কৰিব খোজো৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ