অসম লাইভ২৪ঃ মহিলাসকলৰ আৰ্থিক উন্নয়ন, বিদ্যুতৰ মাচুলৰ ওপৰিও একাধিক প্ৰতিশ্ৰুতি বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত কংগ্ৰেছ দলে কৰ্ণাটকবাসীক দিছিল৷ কথা দি, কথা ৰাখিলে কৰ্ণাটকৰ নৱগঠিত কংগ্ৰেছ চৰকাৰে৷ নিৰ্বাচনত দিয়া পাঁচটা প্ৰতিশ্ৰুতিয়েই অনুমোদন লাভ কৰিলে মন্ত্ৰীসভাৰ বৈঠকত৷ কৰ্ণাটক কংগ্ৰেছে নিৰ্বাচনৰ পূৰ্বে জনতাক প্ৰতিশ্ৰুতি দিছিল, বিপিএলৰ তালিকাভূক্ত পৰিয়ালসমূহক বিনামূলীয়া চাউল, প্ৰত্যেক পৰিয়ালৰেই এগৰাকী মহিলাক আৰ্থিক ভাট্টা দিয়াৰ লগতে ডিগ্ৰী পাছ কৰা ছাত্ৰ-ছাত্ৰীকো মাহিলী ধন একাউণ্টত সোমোৱাই দিয়াৰ কথা নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছিল কংগ্ৰেছ দলে৷
সকলোবোৰ প্ৰতিশ্ৰুতিৰ মাজতেই এটা প্ৰতিশ্ৰুতিয়ে কৰ্ণাটকৰ সাধাৰণ জনতাক আকৃষ্ট কৰিছিল, সেয়া হৈছে ফ্ৰি বিদ্যুৎ৷ প্ৰতিশ্ৰুতিমতেই কৰ্ণাটকত নৱগঠিত চৰকাৰে কৰ্ণাটকৰ প্ৰতিঘৰ লোকক ২০০ ইউনিটলৈ ফ্ৰি বিদ্যুৎ দিয়াৰ প্ৰতিশ্ৰুতিত অনুমোদন জনালে৷ কেৱল বিনামূলীয়া বিদ্যুতেই নহয়, অন্ন ভাগ্য প্ৰকল্পৰ অধীনত ১০ কিঃগ্ৰাঃকৈ বিনামূলীয়া চাউল লাভ কৰিব বিপিএলৰ তালিকাভূক্ত পৰিয়ালসমূহে৷ ইয়াৰোপৰি গৃহলক্ষ্মী আঁচনিৰ অধীনত কৰ্ণাটকৰ প্ৰতিটো পৰিয়ালৰ পৰিয়ালৰ এগৰাকী মহিলাক ২ হাজাৰ টকাকৈ ভাট্টা দিয়াৰ প্ৰতিশ্ৰুতিটো অনুমোদন জনাইছে নৱগঠিত চৰকাৰখনে৷ ইয়াৰোপৰি ৰাজ্যৰ মহিলাসকলে বিনামূলীয়াকৈ বাছত ভ্ৰমণো কৰিব পাৰিব৷ অৰ্থাৎ এতিয়াৰে পৰা কৰ্ণাটকত মহিলাৰ বাবে বাছ ভাড়া সম্পূৰ্ণ বিনামূলীয়া৷
পাঁচটা প্ৰতিশ্ৰুতিৰ ভিতৰত এটা আছিল যুৱ নিধি প্ৰকল্পৰ অধীনত বেকাৰ স্নাতকসকলৰ মাহে ৩ হাজাৰকৈ টকা, ডিপ্লমাধাৰীসকলক ১৫০০ টকাকৈ ভাট্টা দিয়াৰ৷ সেই প্ৰতিশ্ৰুতিও পালন কৰিব বুলি জনাইছে নৱগঠিত চৰকাৰে৷ জাতি, ধৰ্ম নিৰ্বিশেষে এই আঁচনিৰ সুবিধা লাভ কৰিব কৰ্ণাটকৰ প্ৰত্যেকজন লোকেই৷ ছিদ্দাৰামাইয়া মন্ত্ৰীসভাই শুকুৰাবাৰে এই কথা সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে৷ এই আঁচনি প্ৰদান কৰোতে কোনোবা আন ৰাজনৈতিক দলৰ সদস্য হ’লেও কোনোৱেই এই আঁচনিৰ পৰা বঞ্চিত নহ’ব বুলিও জনাইছে ছিদ্দাৰামাইয়া চৰকাৰে৷
কিন্তু ছিদ্দাৰামাইয়াৰ এই সিদ্ধান্তক কাঢ়া সমালোচনা কৰিছে প্ৰধান বিৰোধী দল বিজেপিয়ে৷ কংগ্ৰেছে তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিবলৈ গৈ ৰাজ্যখনক আৰ্থিক সংকটত পেলাব বুলিও অভিযোগ আনিছে বিৰোধী দল বিজেপিয়ে৷
উল্লেখ্য যে বিগত ১০ মে’ত ২২৮ খন আসনৰ বাবে কৰ্ণাটক বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ আৰু এই নিৰ্বাচনত ১৩৫ খন আসন লাভ কৰি ক্ষমতা দখন কৰে কংগ্ৰেছ দলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ