অসম লাইভ২৪ঃ কালি নিশা ফাইজান আহমেদৰ পুনৰবাৰ ডিব্ৰুগড় দক্ষিণ আমোলাপট্টিস্থিত কবৰস্থানত সমাধিস্থ কৰা হয়। পশ্চিম বংগৰ পৰা কামৰূপ এক্সপ্ৰেছ ৰে’লেৰে ফাইজান আহমেদৰ মৃতদেহ নিশা ১২ বজাত ডিব্ৰুগড় আহি পোৱাৰ পিছতে ডিব্ৰুগড় বানীপুৰ ৰে’ল ষ্টেচনৰ পৰা ডিব্ৰুগড় দক্ষিণ আমোলাপাট্টিস্থিত কবৰস্থানলৈ অনা হয়। সাতমাহৰ পূৰ্বে সমাধিস্থ কৰা স্থানতে পুনৰ সমাধিস্থ কৰা হয় ফাইজানৰ মৃতদেহ।
২০২২ বৰ্ষৰ ১৪ অক্টোবৰত কলিকতাৰ খড়গপুৰ আই আই টিৰ হোষ্টেলৰ শৌচাগাৰৰ কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল খড়গপুৰ আই আই টিৰ মেধাবী ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ। খড়গপুৰ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষা কৰোৱাত, মৃত্যুৰ কাৰণ আত্মহত্যা কৰা বুলি ঘোষণা কৰিছিল। কিন্তু ফাইজান আহমেদৰ পৰিয়ালে মৰণোত্তৰ পৰীক্ষাৰ প্ৰমাণপত্ৰক মানি নলৈ এইয়া পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰি কলিকতাৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। উচ্চ ন্যায়ালয়ৰ নির্দেশত পুনৰ ফাইজান আহমেদৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়ৰ দক্ষিণ আমোলাপাট্টিস্থিত কবৰস্থানৰ পৰা সমাধিস্থ কৰা ফাইজান আহমেদৰ মৃতদেহ ২৩ মে’ত খান্দি উলিয়াই কলিকতালৈ ২৪মে’ত বিমানেৰে লৈ গৈছিল আৰু পুনৰবাৰ মৰণোত্তৰ পৰীক্ষা কৰিছিল।
স্মৰ্তব্য যে, কলকাতা উচ্চ ন্যায়ালয়ত ফাইজান আহমেদৰ ঘটনাৰ শুনানি ঘোষণামতে পৰৱৰ্তী তদন্তৰ বাবে, তিনিজনীয়া তদন্ত কমিটি গঠনৰ নিৰ্দেশ দিয়ে। যি কমিটিৰ নেতৃত্ব দিব আই পি এছ বিষয়া K JAYARAMAN এ। বৰ্তমানৰ তদন্তকাৰী বিষয়াগৰাকীক আঁতৰাই দিয়া হৈছে। SIT য়ে তদন্তত সন্দেহজনক লোকক Truth Serum বা Nurco Test ও কৰোৱাব পাৰিব। টীমটোত নতুন সদস্যকো জড়িত কৰিব পাৰিব। পৰৱৰ্তী শুনানি হ’ব ১২ জুলাইত। উচ্চ ন্যায়ালয়ৰ নির্দেশত পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা পাছত ফাইজান আহমেদ মৃতদেহ পুনৰ সমাধিস্থ কৰিবলৈ ডিব্ৰুগড়লৈ পঠিয়াই দিয়া হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















