অসম লাইভ ২৪ঃ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুত জড়িত ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে উঠিছে বিভিন্ন অভিযোগ। সংবাদমাধ্যম, ছ’চিয়েল মিডিয়া আনকি অভিনেত্ৰীগৰাকীৰ বাসগৃহৰ সন্মুখতো সাংবাদিকে বিভিন্ন প্ৰশ্নৰে থকা-সৰকা কৰিছে ৰিয়া চক্ৰৱৰ্তীক। শেহতীয়াকৈ এটা ৱেবচাইটত এটা সাক্ষাৎকাৰ দিছে অভিনেত্ৰীগৰাকীয়ে। সাক্ষাৎকাৰটোত ৰিয়াই সকলো অভিযোগ অস্বীকাৰ কৰিছে আৰু লগতে কৈছে ‘এটা বন্দুক আনক আৰু মোৰ লগতে মোৰ পৰিয়ালক গুলীয়াই মাৰক। মই ভাবিছো মোৰ সমগ্ৰ পৰিয়ালটোৱেই আত্মহত্যা কৰা উচিত। অথবা কোনোবাই আমাক গুলীয়াই মাৰক। এনেধৰণে শ্বাসৰুদ্ধভাৱে জীৱন কটোৱাতকৈ আত্মহত্যা কৰাটোৱেই শ্ৰেয়। আমি মধ্যবিত্ত শ্ৰেণীৰ মানুহ। আত্মসন্মানেৰে জীয়াই থাকিব বিচাৰো। মোৰ বিৰুদ্ধে ‘হত্যাকাৰী’, ‘মাদক দ্ৰব্য ব্যৱসায়ী’ এনেধৰণৰ বিভিন্ন অভিযোগ উত্থাপন হৈছে আৰু যিবোৰ সম্পূৰ্ণ ভিত্তিহীন। সকলোৱে এতিয়া মোক লৈ মনে সজা কাহিনী তৈয়াৰ কৰিছে। কিন্তু মই সকলোৰে লগত যুদ্ধ কৰিব নোৱাৰো। সেইবাবেই মই নিমাত হৈ আছো।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ