অসম লাইভ ২৪ঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তত নতুনভাৱে যুক্ত হৈছে নাৰ্ক’টিক্স ব্যুৰ’ কণ্ট্ৰ’ল। সম্প্ৰতি প্ৰয়াত তাৰকাগৰাকীৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে ড্ৰাগছ ব্যৱসায়ীৰ সৈতে জড়িত থকাৰ অভিযোগ উঠিছে। যাৰবাবে ৰিয়াৰ ফোন জব্দ কৰা হৈছে। আৰু ইয়াৰ পাছতেই বলীউডৰ হাই প্ৰফাইল পাৰ্টীসমূহৰ ভিতৰৰ কাহিনী পোহৰলৈ আনিছে বলীউড কুইন কংগনা ৰানাৱটে। টুইটাৰত বলীউডৰ পাৰ্টীক লৈ এটাৰ পাছত আন এটা টুইট কৰি গৈছে কংগনাই। আৰু তাৰ লগতে তেওঁৰ অভিজ্ঞতা শ্বেয়াৰ কৰি গৈছে কংগনাই। টুইটত লিখিছে-‘মই যেতিয়া কিশোৰী আছিলো, তেতিয়া মোৰ ৰক্ষকেই ভক্ষক হৈ পানীত মাদক দ্ৰব্য মিহলাই দিছিল। যাতে মই আৰক্ষীৰ কাষলৈ যাবলৈ নোৱাৰোঁ। পৰৱৰ্তী সময়ত মই যেতিয়া সফলতা লাভ কৰোঁ, আৰু তেতিয়া বিখ্যাত ফিল্ম পাৰ্টীসমূহত প্ৰৱেশধিকাৰ পাওঁ। য’ত প্ৰৱেশ কৰি মই অবাক হৈ পৰোঁ। নিচা, লম্পট আৰু দুস্কৃতিকাৰীৰ মুক্ত অঞ্চল সেই স্থানসমূহ।’ লগতে আৰু কৈছে যে ‘ফিল্ম ইণ্ড্ৰাষ্টীত সকলোতকৈ জনপ্ৰিয় মাদক হ’ল নিষিদ্ধ কোকেইন। প্ৰায়সমূহ পাৰ্টীতেই কোকেইন ব্যৱহাৰ কৰা হয়। খুব দামী হাই প্ৰফাইল মানুহৰ পাৰ্টীত গ’লে তাত বিনামূল্যে দিয়া হয় কোকেইন। আপোনাৰ অজানিতেই পানীৰ সৈতে মিহলাই ADMA Crystal দিয়া হয়। মই নাৰ্ক’টিক্স ব্যুৰ’ কণ্ট্ৰ’লক সহায় কৰিবলৈ ইচ্ছুক। কিন্তু ইয়াৰ বাবে মোক চৰকাৰী নিৰাপত্তাৰ প্ৰয়োজন। কেৱল মোৰ কেৰিয়াৰ নহয়, মোৰ জীৱনো সংকটত পৰিছে। আৰু এটা স্পষ্ট যে সুশান্তে এনে কিছু ঘৃণাৰ ৰহস্যৰ বিষয়ে জানিছিল, যাৰবাবে সুশান্তক হত্যা কৰা হ’ল ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ