অসম লাইভ২৪ঃ মণিপুৰৰ ঘটনাৰ দোহাই দি বিজেপি নেতাৰ পদত্যাগ। বিহাৰৰ বিজেপিৰ মুখপাত্ৰ তথা ৰাজ্যিক কাৰ্যকৰী সমিতিৰ সদস্য বিনোদ শৰ্মাই পদত্যাগ কৰিছে বিজেপি দলৰ পৰা। ইতিমধ্যে বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডালৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ। পদত্যাগৰ পাছতেই প্ৰধানমন্ত্ৰী মোদীত মণিপুৰৰ ঘটনাক লৈ তীব্ৰ আক্ৰমণ কৰিছে বিনোদ শৰ্মাই। মণিপুৰত মহিলাৰ ওপৰত হোৱা নিৰ্যাতনৰ বাবে বিজেপি চৰকাৰ দায়ী বুলি মন্তব্য কৰিছে বিনোদ শৰ্মাই।
বিনোদ শৰ্মাই নিজেই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে বিশেষ পোষ্টাৰ। সেই পোষ্টাৰত লিখিছে, ‘মান্যবৰ নাড্ডা ডাঙৰীয়া, মোদী চৰকাৰে ভাৰতত বেটি বাচাও বেচি পঢ়াও, শ্বেম অন ইণ্ডিয়া আদি শ্লোগান আনিছে। কিন্তু এইখন দেশৰেই মণিপুৰত দুগৰাকীকৈ নাৰীক বিবস্ত্ৰা কৰাই পদপথত ঘূৰাই ফুৰোৱা হৈছে। এই ঘটনাক লৈ বিশ্বই আজি ঘৃণা কৰিছে এই দেশক। বিশ্বৰ সন্মুখত ভাৰতবৰ্ষ লজ্জিত হৈছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙো এই ঘটনাৰ বাবে দায়ী। আৰু এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কিয় একো মাত মতা নাই? এনে নেতৃত্বৰ সৈতে কাম কৰি মই নিজেই লজ্জিত হৈছো। সেয়ে মই বিজেপিৰ সকলো পদৰ পৰা ইস্তাফা দিছো।’
ইয়াৰোপৰি বিনোদ শৰ্মাই কয় যে, মণিপুৰৰ ঘটনাক লৈ বিশ্ববাসী চিন্তিত হৈছে যদিও প্ৰধানমন্ত্ৰী আজিও গভীৰ নিদ্ৰাত আছে। এতিয়াও প্রধানমন্ত্ৰীয়ে এন বীৰেণ সিঙক মুখ্যমন্ত্ৰীৰ পদত ৰাখি থৈ মণিপুৰৰ জনতাক দুৰ্ভাৱনালৈ ঠেলি দিছে। দেশৰ সমূহ জনতাৰ লগতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশেও বিষয়টোত শাসকদলৰ পৰা জৱাব বিচাৰিছে কিন্তু একো জৱাব নাই মোদীৰ হাতত। এনে শাসকীয় দলৰ লগত থকাটোৱেই এতিয়া লাজৰ কথা বুলি প্ৰকাশ কৰিছে বিজেপি নেতাজনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ