অসম লাইভ২৪ঃ ‘‘আই এম এ ছচিঅ’ লেফটিষ্ট, বিজেপিও নহয়, কংগ্ৰেছো নহয়, এজিপিও নহয়… আৰু এটা কি ওলাইছিল নতুন যে ওলাইছিল, কি নাম, কিবা ফটুৱা পাৰ্টী এটা যে কি নাম… এজেপি, অ…’’ এই মন্তব্যক লৈ এতিয়া ৰাজ্যজুৰি চলিছে চৰ্চা। জুবিন গাৰ্গে এজেপি দলক ফটোৱা পাৰ্টী আখ্যা দিয়াক লৈ সৰৱ হৈ পৰিছে অজাপ।
জুবিন গাৰ্গে অজাপ দলক লৈ বিৰুপ মন্তব্য কৰাৰ পাছতেই লুৰিণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। লুৰিণজ্যোতি গগৈয়ে কয়, ‘যি গৰাকী ব্যক্তিয়ে নিশা ২ বজাত ফোন কৰি লুৰিণ তই পাৰিবি। সমাজৰ কাৰণে কিবা এটা কৰিব লাগিব বুজিছ। জুবিন গাৰ্গে হঠাৎ কিয় এনেদৰে মন্তব্য কৰিলে বুজি নাপালোঁ।’ লগতে লুৰিণজ্যোতি গগৈয়ে স্পষ্ট ভাবে কয়, ‘আজিৰ তাৰিখত দেশক যি বিলাক সমস্যাই গ্ৰাস কৰি পেলাইছে তেনে সময়ত আমাৰ দলৰ কথা চিন্তা নকৰি ৰাইজৰ কথা চিন্তা কৰক। যি সময়ত বাজপেয়ী ভৱনৰ পৰা চাকৰিৰ কিনা বেছা চলি আছে সেইবোৰৰ বিৰোধিতা কৰক। বাজপেয়ী ভৱন কিনা বেচা ভৱনলৈ পৰিণত হৈছে। এই সময়ত এইসমূহৰ বিৰুদ্ধে যুঁজ দিয়ক। আমি আমাৰ নিজৰ লক্ষ্যৰ পৰা আঁতৰি অহা নাই বা বিচলিতও হোৱা নাই। আমাক লৈ বেছিকৈ চিন্তা কৰাৰ প্ৰয়োজনীয়তা নাই।’
ইপিনে জুবিন গাৰ্গৰ সমালোচনাৰ পিছতে ফেচবুক পোষ্টযোগে প্ৰত্যুত্তৰ দিছে অসম জাতীয় পৰিষদৰ উপ সভাপতি দুলু আহমেদ। সামাজিক মাধ্যমত জুবিনক কটু সমালোচনা দুলু আহমেদৰ। দুলু আহমেদে ফেছবুক পোষ্টত লিখিছে, ‘জুবিন গাৰ্গ ডাঙৰীয়া,আপোনাৰ নিচিনা ৪২০ আৰু সুবিধাবাদী শিল্পী মই দেখা নাছিলো,আপোনাৰ টকা থাকিব পাৰে,কিন্তু আপুনি মানুহৰ শাৰীত নপৰে।আপোনাৰ নিচিনা এগৰাকী আগশাৰীৰ সাংস্কৃতিক ৰাজনৈতিক দালাল সুৰাৰ নিচাত মাতাল হৈ আমাৰ দলৰ বিৰুদ্ধে মন্তব্য দিয়াৰ কোনো অধিকাৰ নাই। কা আন্দোলনত আপোনাৰ দুমুখীয়া স্থিতি অসমৰ ৰাইজে দেখিছে।আমাৰ দলৰ বিৰুদ্ধে এইটো বাক্য কব আপোনাক মুখ্যমন্ত্ৰীয়ে কিমান টকা দিলে ৰাইজৰ আগত জনাব নেকি।আপোনাৰ নিচিনা দালাল শিল্পীয়ে এনেও দুটা টকাৰ বিনিময়ত যে পক পকাই থাকে সেই কথা আমিও বুজি পাওঁ।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ