অসম লাইভ২৪ঃ আন্তৰ্জাতিক ফুটবলত লিঅ’নেল মেছিৰ গুৰুত্বৰ কথা পৃথককৈ কোৱাৰ প্ৰয়োজন নাই। পেলে, মাৰাডোনাৰ পাছতেই যদি এই ফুটবল যুগক নাম দিব খোজে তেন্তে এই যুগ মেছিৰ যুগ। বিগত বৰ্ষৰ শেষৰফালে কাটাৰত আয়োজিত বিশ্বকাপতো উজ্বলি উঠিছিল মেছি। মেছিৰ দলেই কাঢ়ি নিছিল ফিফা বিশ্বকাপ। সকলোবোৰ চৰ্চা থাকিলেও মেছিৰ ব্যক্তিগত জীৱনৰ কথা কিন্তু কেতিয়াও কোনেও চৰ্চা নকৰে। চৰ্চা কৰিব লগা পৰিস্থিতিও নাহে। বিতৰ্কতো সোমাই নপৰে মেছি। চৰ্চা যদি হয় তেন্তে কেৱল কেৰিয়াৰক লৈহে চৰ্চা হয়।
কেৰিয়াৰ প্ৰায় সামৰাৰ সময়ত আৰ্জেণ্টিনাৰ এইগৰাকী ফুটবলাৰৰ বিৰুদ্ধে এটা বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে। এই অভিযোগ পৰকীয়াৰ অভিযোগ। ব্ৰাজিলৰ এটা জনপ্ৰিয় সংবাদমাধ্যমে এই খবৰ প্ৰকাশ কৰিছে। সংবাদমাধ্যমত প্ৰকাশিত এক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, আৰ্জেণ্টিনাৰ এগৰাকী মহিলা সাংবাদিক ছফিয়া মাৰ্টিনেজৰ সৈতে মেছিৰ পৰকীয়া সম্পৰ্ক আছে। এই সম্পৰ্কই তেওঁৰ ব্যক্তিগত জীৱনকো প্ৰভাৱিত কৰিছে। এই প্ৰতিবেদনত দাবী কৰা অনুসৰি পত্নীৰ সৈতে তেওঁৰ সম্পৰ্ক বিচ্ছেদৰ দিশেৰে।
ব্ৰাজিলেই নহয় ব্ৰিটিছ সংবাদমাধ্যম ডেইলী মেইলেও এই খবৰ প্ৰকাশ কৰিছে। ডেইলী মেইলৰ প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি, ২০২২ বৰ্ষৰ কাটাৰ বিশ্বকাপৰ সময়ত ছফিয়াৰ নাম আলোচনাৰ কেন্দ্ৰত। টুৰ্নামেণ্টৰ ছেমিফাইনেলত আৰ্জেণ্টিনা বনাম ক্ৰোয়েছিয়া মেচত মেছত ধাৰাভাষ্যকাৰ হিচাপে আছিল ছফিয়া মাৰ্টিনেজ। সেই সময়ত তেওঁ মেছিক আৰ্জেণ্টিনাৰ ফুটবল সমৰ্থকৰ হৈ তেওঁ বিশেষ ধন্যবাদ জনাইছিল মেছিক।
উল্লেখ্য যে পৰকীয়া সংক্ৰান্তীয় বিতৰ্কত পূৰ্বেও লিঅ’নেল মেছিৰ নাম সাঙোৰ খাই পৰিছিল। এণ্টেনিলাৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল। মেছিৰ কঠিন সময়ত এণ্টেনিলাই তেওঁৰ কাষত থিয় হৈছিল। এণ্টেনিলাৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ পাছতেই বিবাহো হয়। এই দম্পত্তিৰ তিনিগৰাকী পুত্ৰও আছে। মেছিৰ সৈতে পৰকীয়াৰ খবৰ বহুতেই বিশ্বাস কৰিব পৰা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















