ডিজিটেল ডেস্কঃ নিজৰ আজৱ আৰু উদ্ভট মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰি ৰখাটো দিছপুৰৰ বিধায়ক অতুল বৰাৰ এটা পৰম্পৰা বুলি ক’লেও ভুল কোৱা নহ’ব। শেহতীয়াকৈ নিজৰ মন্তব্যৰ বাবে পুনৰ সংবাদ শিৰোনাম দখল কৰিছে বিজেপিৰ জ্যেষ্ঠ বিধায়কগৰাকীয়ে। পিকনিকত মদৰ প্ৰচলন বন্ধ কৰাক লৈ বিধায়কগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে- পিকনিকত মদ নাখাই মানুহে কি এতিয়া নামঘৰত মদ খাব নেকি!
বিধায়কগৰাকীয়ে এই মন্তব্য ইমানতে ইতি নেপেলাই লগতে কয় যে, পিকনিকত মদ খোৱাত ইমান বাধা কিয়। পিকনিকত মদ খাইছে, খাব দিব লাগে।” এইবাৰ আৰু এখোজ আগুৱাই বিধায়কগৰাকীয়ে মদৰ সন্দৰ্ভত ব্যাখ্যা দিবলৈ গৈ কয় যে, আজিকালি ছোৱালীবিলাকেও মদ খায়, মই নিজেই দেখিছো। ” বিধায়কগৰাকীৰ এই মন্তব্যৰ পাছতে এতিয়া সমগ্ৰ ৰাজ্যত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ