• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জোনবাইলৈ ৰিটাৰ্ন গীফ্ট! এটুকুৰা এভাৰেষ্টৰ মাটি আৰু কেইবাটাও উপহাৰ লৈ চন্দ্ৰলৈ ৰাওনা নাছাৰ মহাকাশযান

জোনবাইলৈ ৰিটাৰ্ন গীফ্ট! এটুকুৰা এভাৰেষ্টৰ মাটি আৰু কেইবাটাও উপহাৰ লৈ চন্দ্ৰলৈ ৰাওনা নাছাৰ মহাকাশযান

3 years ago
‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

18 minutes ago
এছিয়ান গেমছত ওলাইছে জলপৰী

এছিয়ান গেমছত ওলাইছে জলপৰী

56 minutes ago
কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

2 hours ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

14 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

15 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

15 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

16 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

17 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

17 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

18 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

19 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

জোনবাইলৈ ৰিটাৰ্ন গীফ্ট! এটুকুৰা এভাৰেষ্টৰ মাটি আৰু কেইবাটাও উপহাৰ লৈ চন্দ্ৰলৈ ৰাওনা নাছাৰ মহাকাশযান

editor by editor
January 9, 2024
in প্ৰযুক্তি, বিজ্ঞান, বিশ্ব
0
জোনবাইলৈ ৰিটাৰ্ন গীফ্ট! এটুকুৰা এভাৰেষ্টৰ মাটি আৰু কেইবাটাও উপহাৰ লৈ চন্দ্ৰলৈ ৰাওনা নাছাৰ মহাকাশযান
0
SHARES
809
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চন্দ্ৰৰ মাটি আমি আনিছো। গতিকে এইবাৰ চন্দ্ৰক ৰিটাৰ্ণ গীফ্ট দিয়াৰ পৰ্ব। চন্দ্ৰলৈ বিশেষ উপহাৰ লৈ চন্দ্ৰ অভিমূখে ৰাওনা হৈছে পেৰিগ্ৰেন। ৮ জানুৱাৰীত চন্দ্ৰৰ উদ্দেশ্যে সফলভাৱে যাত্ৰা আৰম্ভ কৰিছে নাছাৰ পেৰিগ্ৰেন লেণ্ডাৰে। আমেৰিকাৰ কেপ কেনভাৰেল ৰাওনা হৈছে চন্দ্ৰ অভিমূখে। ইয়াৰ সৈতে বৈজ্ঞানিক পেলোডো কঢ়িয়াই নিছে যানখনে। চন্দ্ৰৰ বাবে কি কি বিশেষ উপহাৰ লৈ চন্দ্ৰৰ অভিমূখে ৰাওনা হৈছে পেৰেগ্ৰিন?

বিশ্বৰ ভিতৰত প্ৰথমবাৰৰ বাবে বেচৰকাৰী মিচনত চন্দ্ৰলৈ পাঁচটা বিশেষ পেলোড পঠিয়াইছে নাছাই। পেৰেগ্ৰিনত আছে মুঠ ২০ টা পেলোড। আটাইকেইটা পেলোডৰ মুঠ ওজন ২০ কিঃগ্ৰাঃ। ইয়াৰ মাজতেই পাঁচটা পেলোড নাছাৰ ব্যক্তিগত। নাছাৰ এই পাঁচটা যন্ত্ৰই যুগান্তকাৰী বৈজ্ঞানিক গৱেষণা পৰিচালনাৰ বাবে ডিজাইন কৰা হৈছে। ইয়াৰ ভিতৰত আছে লিনিয়াৰ এনাৰ্জি ট্ৰেন্সফাৰ স্পেকট্ৰমিটাৰ। যিয়ে বিকিৰণৰ মাত্ৰা নিৰীক্ষণ কৰিব। তাৰপিছতেই আছে নিয়াৰ ইনফ্ৰাৰেড ভোলাটাইল স্পেকট্ৰোমিটাৰ চিষ্টেম যিয়ে চন্দ্ৰৰ মাটিৰ গঠন বিশ্লেষণ কৰিব। নিউট্ৰন স্পেকট্ৰমিটাৰ চিষ্টেম যিয়ে চন্দ্ৰৰ মাটিত পানী আছে নেকি তাৰ অনুসন্ধান চলাব। ইয়াৰোপৰি পেৰেগ্ৰিন আয়ন ট্ৰেপ মাছ স্পেকট্ৰোমিটাৰে চন্দ্ৰৰ বায়ুমণ্ডল অধ্যয়ন কৰিব। অন্যহাতে লেজাৰ ৰেট্ৰোৰেফ্লেক্টৰ আৰে ভৱিষ্যত মিছনৰ বাবে চন্দ্ৰত এটা সুনিৰ্দিষ্ট অৱস্থান বিচাৰি ওলিওৱাত সহায় কৰিব। ভৱিষ্যতে নাছাই কৰিবলগা মিছনসমূহত এই তথ্যসমূহৰ প্ৰয়োজন হ’ব যাৰবাবে নাছাই পূৰ্বেই এই তথ্য আহৰণৰ চেষ্টা চলাইছে।

https://x.com/NASA/status/1744285355392598021?s=20

চন্দ্ৰৰ বাবে কি কি উপহাৰ পঠিয়াইছে নাছাই?

নাছাৰ চন্দ্ৰ অভিযানে দৃষ্টি কঢ়াৰ প্ৰধান কাৰণটোৱেই হৈছে তেওঁলোকে এই অভিযানত চন্দ্ৰৰ বাবে পঠিয়াইছে বিশেষ উপহাৰ। চন্দ্ৰৰ বাবে উপহাৰ হিচাপে যানখনে লৈ গৈছে এখন উইকিপিডিয়াৰ কপি, এটা বিটকয়েন, মাউণ্ট এভাৰেষ্টৰ মাটি। ইয়াৰোপৰি মহাকাশযানখনৰ সৈতে কিছু DNA চেম্পুলো পঠিওৱা হৈছে। স্পেছ মেমোৰিয়েল ফাৰ্মছ ইলিছাম স্পেছ আৰু ছেলেচটিছ। ২৩ ফেব্ৰুৱাৰীত চন্দ্ৰত অৱতৰণ কৰিব এই পেৰেগ্ৰিন লেণ্ডাৰে। চন্দ্ৰৰ ছাইনাছ ভিছকোছিটাটিছৰ ওচৰতেই অৱতৰণ কৰিব এই লেণ্ডাৰে। এই অংশত পানীৰ অস্তিত্ব লাভৰো সম্ভাৱনা আছে। সকলো ঠিকে থাকিলে ২৩ ফেব্ৰুৱাৰীতেই মহাকাশ বিজ্ঞানত আন এক নতুন ইতিহাসৰো সূচনা হ’ব। প্ৰথম কোনো বেচৰকাৰী সংস্থাৰ লেণ্ডাৰে চন্দ্ৰৰ মাটি স্পৰ্শ কৰিব। ইয়াৰোপৰি ৫০ বছৰ পাছত আকৌ এবাৰ আমেৰিকাই চন্দ্ৰৰ মাটি স্পৰ্শ কৰিব।

উল্লেখ্য যে চন্দ্ৰৰ কুমেৰুত ভাৰতে ভৰি থৈ সমগ্ৰ বিশ্বকে চমক দিছে। কেৱল কুমেৰুত ভৰি থোৱাই নহয়, ভাৰতীয় ৰোভাৰ প্ৰজ্ঞানে চন্দ্ৰ মাটিত থাকি কেইবাটাও তথ্য ইছৰোৰ বিজ্ঞানীক দি গৈছে। তথ্য দি গৈছে লেণ্ডাৰ বিক্ৰমেও।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এছিয়ান গেমছত ওলাইছে জলপৰী
বিনোদন

এছিয়ান গেমছত ওলাইছে জলপৰী

September 25, 2026
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?
প্ৰযুক্তি

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

September 24, 2026
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?
জীৱনশৈলী

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

September 23, 2026
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম
প্ৰযুক্তি

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

September 23, 2026
Next Post
নতুন বছৰত কেইবাৰ চন্দ্ৰ গ্ৰহণ আৰু সূৰ্য গ্ৰহণ হ’ব? ভাৰতৰ পৰা এই গ্ৰহণ দৃশ্যমান হ’বনে? এতিয়াই জানি থওক সবিশেষ

নতুন বছৰত কেইবাৰ চন্দ্ৰ গ্ৰহণ আৰু সূৰ্য গ্ৰহণ হ’ব? ভাৰতৰ পৰা এই গ্ৰহণ দৃশ্যমান হ’বনে? এতিয়াই জানি থওক সবিশেষ

বিশ্ব ফুটবলত আকৌ নক্ষত্ৰপতন! বিশ্বফুটবলত তেওঁ জাৰ্মানীক পৰিচিত কৰোৱাইছিল, সোমাই পৰিছিল বিতৰ্কতো, বিদায় ‘ডাৰ কাইজাৰ’ বেকেনবাউৱাৰ

বিশ্ব ফুটবলত আকৌ নক্ষত্ৰপতন! বিশ্বফুটবলত তেওঁ জাৰ্মানীক পৰিচিত কৰোৱাইছিল, সোমাই পৰিছিল বিতৰ্কতো, বিদায় 'ডাৰ কাইজাৰ’ বেকেনবাউৱাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.