অসম লাইভ২৪ঃ চন্দ্ৰৰ মাটি আমি আনিছো। গতিকে এইবাৰ চন্দ্ৰক ৰিটাৰ্ণ গীফ্ট দিয়াৰ পৰ্ব। চন্দ্ৰলৈ বিশেষ উপহাৰ লৈ চন্দ্ৰ অভিমূখে ৰাওনা হৈছে পেৰিগ্ৰেন। ৮ জানুৱাৰীত চন্দ্ৰৰ উদ্দেশ্যে সফলভাৱে যাত্ৰা আৰম্ভ কৰিছে নাছাৰ পেৰিগ্ৰেন লেণ্ডাৰে। আমেৰিকাৰ কেপ কেনভাৰেল ৰাওনা হৈছে চন্দ্ৰ অভিমূখে। ইয়াৰ সৈতে বৈজ্ঞানিক পেলোডো কঢ়িয়াই নিছে যানখনে। চন্দ্ৰৰ বাবে কি কি বিশেষ উপহাৰ লৈ চন্দ্ৰৰ অভিমূখে ৰাওনা হৈছে পেৰেগ্ৰিন?
বিশ্বৰ ভিতৰত প্ৰথমবাৰৰ বাবে বেচৰকাৰী মিচনত চন্দ্ৰলৈ পাঁচটা বিশেষ পেলোড পঠিয়াইছে নাছাই। পেৰেগ্ৰিনত আছে মুঠ ২০ টা পেলোড। আটাইকেইটা পেলোডৰ মুঠ ওজন ২০ কিঃগ্ৰাঃ। ইয়াৰ মাজতেই পাঁচটা পেলোড নাছাৰ ব্যক্তিগত। নাছাৰ এই পাঁচটা যন্ত্ৰই যুগান্তকাৰী বৈজ্ঞানিক গৱেষণা পৰিচালনাৰ বাবে ডিজাইন কৰা হৈছে। ইয়াৰ ভিতৰত আছে লিনিয়াৰ এনাৰ্জি ট্ৰেন্সফাৰ স্পেকট্ৰমিটাৰ। যিয়ে বিকিৰণৰ মাত্ৰা নিৰীক্ষণ কৰিব। তাৰপিছতেই আছে নিয়াৰ ইনফ্ৰাৰেড ভোলাটাইল স্পেকট্ৰোমিটাৰ চিষ্টেম যিয়ে চন্দ্ৰৰ মাটিৰ গঠন বিশ্লেষণ কৰিব। নিউট্ৰন স্পেকট্ৰমিটাৰ চিষ্টেম যিয়ে চন্দ্ৰৰ মাটিত পানী আছে নেকি তাৰ অনুসন্ধান চলাব। ইয়াৰোপৰি পেৰেগ্ৰিন আয়ন ট্ৰেপ মাছ স্পেকট্ৰোমিটাৰে চন্দ্ৰৰ বায়ুমণ্ডল অধ্যয়ন কৰিব। অন্যহাতে লেজাৰ ৰেট্ৰোৰেফ্লেক্টৰ আৰে ভৱিষ্যত মিছনৰ বাবে চন্দ্ৰত এটা সুনিৰ্দিষ্ট অৱস্থান বিচাৰি ওলিওৱাত সহায় কৰিব। ভৱিষ্যতে নাছাই কৰিবলগা মিছনসমূহত এই তথ্যসমূহৰ প্ৰয়োজন হ’ব যাৰবাবে নাছাই পূৰ্বেই এই তথ্য আহৰণৰ চেষ্টা চলাইছে।
https://x.com/NASA/status/1744285355392598021?s=20
চন্দ্ৰৰ বাবে কি কি উপহাৰ পঠিয়াইছে নাছাই?
নাছাৰ চন্দ্ৰ অভিযানে দৃষ্টি কঢ়াৰ প্ৰধান কাৰণটোৱেই হৈছে তেওঁলোকে এই অভিযানত চন্দ্ৰৰ বাবে পঠিয়াইছে বিশেষ উপহাৰ। চন্দ্ৰৰ বাবে উপহাৰ হিচাপে যানখনে লৈ গৈছে এখন উইকিপিডিয়াৰ কপি, এটা বিটকয়েন, মাউণ্ট এভাৰেষ্টৰ মাটি। ইয়াৰোপৰি মহাকাশযানখনৰ সৈতে কিছু DNA চেম্পুলো পঠিওৱা হৈছে। স্পেছ মেমোৰিয়েল ফাৰ্মছ ইলিছাম স্পেছ আৰু ছেলেচটিছ। ২৩ ফেব্ৰুৱাৰীত চন্দ্ৰত অৱতৰণ কৰিব এই পেৰেগ্ৰিন লেণ্ডাৰে। চন্দ্ৰৰ ছাইনাছ ভিছকোছিটাটিছৰ ওচৰতেই অৱতৰণ কৰিব এই লেণ্ডাৰে। এই অংশত পানীৰ অস্তিত্ব লাভৰো সম্ভাৱনা আছে। সকলো ঠিকে থাকিলে ২৩ ফেব্ৰুৱাৰীতেই মহাকাশ বিজ্ঞানত আন এক নতুন ইতিহাসৰো সূচনা হ’ব। প্ৰথম কোনো বেচৰকাৰী সংস্থাৰ লেণ্ডাৰে চন্দ্ৰৰ মাটি স্পৰ্শ কৰিব। ইয়াৰোপৰি ৫০ বছৰ পাছত আকৌ এবাৰ আমেৰিকাই চন্দ্ৰৰ মাটি স্পৰ্শ কৰিব।
উল্লেখ্য যে চন্দ্ৰৰ কুমেৰুত ভাৰতে ভৰি থৈ সমগ্ৰ বিশ্বকে চমক দিছে। কেৱল কুমেৰুত ভৰি থোৱাই নহয়, ভাৰতীয় ৰোভাৰ প্ৰজ্ঞানে চন্দ্ৰ মাটিত থাকি কেইবাটাও তথ্য ইছৰোৰ বিজ্ঞানীক দি গৈছে। তথ্য দি গৈছে লেণ্ডাৰ বিক্ৰমেও।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















