ডিজিটেল ডেস্কঃ বলিউদ নহয়, এইবাৰ টলিউদত চলিছে বিয়াৰ গুণাগাথাঁ। সকলো ঠিকে ঠাকে থাকিলে এইবেলি মাঘতে দক্ষিণৰ চুপাৰষ্টাৰ বিজয় আৰু মোহময়ী অভিনেত্ৰী ৰশ্মিকাই একেলগে আৰম্ভ কৰিব পাৰে সুখৰ সংসাৰ। ২০২৪ৰ ফেব্ৰুৱাৰী মাহতে দুয়োগৰাকী তাৰাকাই আৰম্ভ কৰিব পাৰে জীৱনৰ নতুন ইনিংছ।
ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ২৪ৰ ফেব্ৰুৱাৰী মাহতে ৰশ্মিকা আৰু বিজয়ৰ মাজত আঙুঠি পিন্ধোৱা সম্পন্ন হ’ব পাৰে। দুয়োটা পৰিয়ালে এই শুভকাৰ্যৰ বাবে ফেব্ৰুৱাৰী মাহটোকে উত্তম বুলি সিদ্ধান্তত উপনীত হৈছে। সকলোবোৰ যদি ভৱামতে হৈ যায়, তেন্তে এপ্ৰিল মাহৰ ভিতৰতে ৰশ্মিকাক নিজৰ কৰি লব বিজয়ে।
উল্লেখ কৰা প্ৰয়োজন যে, ৰশ্মিকা আৰু বিজয়ৰ সম্পৰ্কৰ কথা প্ৰায়েই চৰ্চালৈ আহে যদিও দুয়োগৰাকীয়ে তেওঁলোকৰ সম্পৰ্কক লৈ নিশ্চুপ হৈ থকা দেখা যায়। বিয়াৰ খবৰক লৈয়ো এতিয়ালৈকে কোনো কথাই ৰাজহুৱা কৰা নাই তেওঁলোকে। কেইবাখনো ছবিত একেলগে অভিনয় কৰা ৰশ্মিকা আৰু বিজয়ে যুগ্ম জীৱনৰ সন্দৰ্ভত নিশ্চুপ হৈ থাকিলেও ইতিমধ্যে বিয়পি পৰিছে তেওঁলোকৰ বিয়াৰ খবৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















