অসম লাইভ২৪ঃ ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অৰ্থাৎ আজিৰে পৰাই ১১ দিনীয়া অনুষ্ঠান আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নাচিকৰ পঞ্চবটীৰ পৰা এই অনুষ্ঠান আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। এই স্থানৰ সৈতে আছে ৰাম সীতাৰ বিশেষ সংযোগ। বাল্মীকিৰ ৰামায়ণৰ ওপৰিও ৰামচৰিত মানস, ৰামচন্দ্ৰিকা, ছাকেট, পঞ্চবটী, ছাকেট সন্ত ইত্যাদি গ্ৰন্থত ইয়াৰ বিশদ বৰ্ণনা আছে। উল্লেখ্য যে ১৪ বছৰীয়া বনবাসৰ সময়ত কিছুদিন পঞ্চবটীত আছিল ৰাম, লক্ষ্মণ আৰু সীতা। পঞ্চবটীৰ সৈতে ৰাম আৰু সীতা কেনেকৈ জড়িত হৈ আছে তাৰো বিস্তৃত বিৱৰণ আছে এইকেইখন গ্ৰন্থত।
পঞ্চবটীত থকাৰ পৰামৰ্শ দিছিল লক্ষণে
ৰামচৰিতমানসৰ অৰণ্য কাণ্ডত উল্লেখ আছে যে লক্ষ্মণেই ৰামক পঞ্চবটীত থকাৰ পৰামৰ্শ দিছিল। লক্ষ্মণে ৰামক কৈছিল, পঞ্চবটী নামৰ এখন মনোৰম আৰু পবিত্ৰ স্থান আছে। তাতেই ৰামে যেন দণ্ডক বনক পবিত্ৰ কৰি শ্ৰেষ্ঠ মুনি গৌতমক তুমি অভিশাপমুক্ত কৰিবা। ৰামক ৰঘুকুলৰ অধিপতি আখ্যা দি তেওঁ কয়, তেওঁ যেন নিজৰ কৃপা বৰ্ষণ কৰি তাতেই বসবাস কৰে। ইয়াৰ পাছতেই পঞ্চবটীৰ উদ্দেশ্য ৰাওনা হয় ৰাম, লক্ষ্মণ আৰু সীতা। তাতেই গোদাবৰীৰ পাৰৰ পৰ্ণ কুটীৰ তৈয়াৰ কৰি বসবাস কৰিবলৈ লয় ৰামে। এই স্থানতেই ৰামৰ পক্ষীৰাজ জটায়ুৰ সৈতেও দেখা দেখি হৈছিল।
এই স্থানতেই শূৰ্পনখাৰ নাক কাটিছিল লক্ষ্মণে
ৰামায়ণত উল্লেখ থকা অনুসৰি ৰাৱণৰ ভগ্নী শূৰ্পনখা অত্যন্ত ভয়ানক আৰু দুষ্ট প্ৰবৃত্তিৰ নাৰী আছিল। পঞ্চবটীত উপস্থিত হৈ শূৰ্পনখাই ৰামৰ সৌন্দৰ্যৰ প্ৰতি মোহিত হয়। তাৰপিছতেই শূৰ্পনখাই অসুৰ ৰূপ ত্যাগ কৰি মোহময়ী নাৰীৰ বেশ ধৰি ৰামৰ সন্মুখত উপস্থিত হয়। ৰামক শূৰ্পনখাই কয়, ‘আপোনাৰ সন্মুখত এগৰাকী অপৰূপ নাৰী ৰৈ আছে। বিধাতাই হয়তো আমাৰ এই যুঁটি তৈয়াৰ কৰিছে।’ ৰামে শূৰ্পনখাক তেতিয়া জনাই যে, তেওঁ বিবাহিত। তেওঁৰ পত্নী সীতা। ৰামে এই কথা কওঁতে কাষতেই শূৰ্পনখাও উপস্থিত আছিল। ৰামক নোৱাৰি লক্ষ্মণকো একেই প্ৰস্তাৱ দিয়ে শূৰ্পনখাই। লক্ষ্মণেও শূৰ্পনখাৰ প্ৰস্তাৱ প্ৰত্যাখান কৰে। ইয়াৰ পাছতেই খঙত একো নাই হৈ শূৰ্পনখাই অসুৰ ৰূপ ধাৰণ কৰে। শূৰ্পনখাৰ এই ৰূপ দেখিয়েই নাক কাটি পেলাই লক্ষ্মণে।
এই স্থানতেই সীতাহৰণো হৈছিল
পঞ্চবটীৰ যি স্থানত ৰাম-সীতা কুটীৰ আছিল তাতেই সাধুৰ বেশত উপস্থিত হৈছিল ৰাৱণ। তাৰ পৰাই তেঁও সীতাক হৰণ কৰি লংকালৈ লৈ যায়। উল্লেখ্য যে পঞ্চবটী বনৰ চাৰিওফালে পাঁচজোপা বট গছ আছে। সেয়ে এই স্থানৰ নাম পঞ্চবটী। এই পাঁচ গছৰ নাম হৈছে অশ্বত্থ, আমলক, বট, বিল্ব আৰু অশোক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















