অসম লাইভ২৪ঃ হঠাৎ এটা ফেছবুক পোষ্ট লিখিছে অভিনেতা যতীন বৰাই। বিহুৰ বতৰতে হঠাৎ অভিনেতা যতীন বৰাই কিয় এই পোষ্ট শ্বেয়াৰ কৰিছে সেই কথা স্পষ্টকৈ উল্লেখ কৰি নিদিলেও তেওঁ লিখিছে, ‘পুৰণিক পাহৰো বুলিয়েই কিমান পৰ্যায়লৈ পাহৰাটো সম্ভৱ? ভাল বেয়া, তিতা মিঠাবোৰ কিমান পৰ্যায়লৈ আওকান কৰাটো সম্ভৱ? নিজৰ মাজৰ ধুমুহাবোৰক বা-মাৰলি হ’বলৈ এৰি দিয়াটো কিমানখিনি লৈ সম্ভৱ? আমি মানুহবোৰ যে তেনেই সাধাৰণ. অথচ কিমান সময় লাগে আমাক ভাবি উলিয়াবলৈ যে জীৱন মানেই আৱেগ নে ই এটা অংশহে জীৱনৰ। হয় মই আৱেগিক কাৰণ মই এজন অভিনেতা। আৱেগ নাথাকিলে মই কেনেকৈ অভিনয় কৰিব পাৰিম! মই যতীন বৰা আচলতে কলংপাৰৰ যতীন্দ্ৰনাথ বৰা। চেলুলইড, ধাৰাবাহিক,ভ্ৰাম্যমান,ভিচিডি,চলচিত্ৰ আৰু আজিৰ এই গ্লেমাৰ। যতীন্দ্ৰনাথৰ পৰা যতীন হোৱালৈকে বস্তবোৰ বহুখিনিয়েই সলনি হ’ল। বাৰু যি কি নহওঁক, ভুল সকলোৰে হয়, মোৰো হৈছিলে কাৰণ মইওতো এজন মানুহ লগতে এজন অভিনেতা। এজন আৱেগিক অভিনেতা।—ইতি, যতীন বৰা’
যতীন বৰাই সামাজিক মাধ্যমত এই পোষ্ট শ্বেয়াৰ কৰাৰ পাছতেই বহুতৰে মনত উত্থাপিত হৈছে প্ৰশ্ন। কি হৈছে যতীনৰ? কোনটো কথাক লৈ যতীনে ভুল স্বীকাৰ কৰিছে? নিজৰে হঠাৎ কিয় আৱেগিক বুলি ক’লে যতীনে? সেই প্ৰশ্নৰ উত্তৰ বিচাৰিছে এতিয়া সামাজিক মাধ্যম ব্যৱহাৰকাৰী বহুজনেই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















