অসম লাইভ২৪ঃ ২২ জানুৱাৰী, সোমবাৰে বহুপ্ৰতিক্ষীত ৰাম মন্দিৰ উদ্বোধনৰ দিন। সেই মাহেন্দ্ৰক্ষণৰ বাবে অপেক্ষা কৰি আছিল সমগ্ৰ দেশে। অযোধ্যাত এতিয়া উৎসৱমুখৰ পৰিবেশ। ন ৰূপে সজাই তোলা হৈছে অযোধ্যাৰ চাৰিওদিশ। ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত নিমন্ত্ৰিত বলীউডৰ একাধিক তাৰকা উপস্থিত হৈছে অযোধ্যাত। ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত নিমন্ত্ৰণ জনোৱা হৈছে প্ৰায় ৭হাজাৰ মানুহক। ৰথী-মহাৰথীসহ আছে বহু বলীউড অভিনেতা অভিনেত্ৰীও। প্ৰাইভেট বিমানবন্দৰত দেখা গৈছে ৰণবীৰ-আলিয়া, বিকি-কেটৰীণা, কংগনা ৰানাউট, অমিতাভ বচ্চনকে ধৰি বহু অভিনেতাক।
ৰাম মন্দিৰ গঢ়ি তোলাৰ আঁৰত আছে এওঁলোকৰ মোটা অংকৰ অনুদান। বলীউডৰ খিলাড়ী অক্ষয় কুমাৰৰ পৰা ড্ৰীম গাৰ্ল হেমামালিনীকে ধৰি সৰু পৰ্দাৰ শক্তিমান মুকেশ খান্নাৰ দৰে বহু চেলিব্ৰিটিৰ অনুদান আছে ৰামমন্দিৰ ট্ৰাষ্টলৈ। এক সূত্ৰৰ খবৰ অনুসৰি, শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ পৰা ৰাম মন্দিৰ নিৰ্মাণত ১হাজাৰ ১০০ কোটি টকা খৰচ হৈছে। বাকী ৩০০ কোটি টকা মন্দিৰৰ কাম শেষ কৰাৰ বাবে ৰখা হৈছে। ৰাম মন্দিৰ তীৰ্থক্ষেত্ৰ ট্ৰাষ্টলৈ অনুদান আগবঢ়াইছে ৰূপালী পৰ্দাৰ বহু চেলিব্ৰিটিয়েই। ৰূপালী পৰ্দাৰ পৰা সৰু পৰ্দাৰ ষ্টাৰলৈকে কোনে কিমান ধন আগবঢ়াইছে ৰাম মন্দিৰ ট্ৰাষ্টক সেই তথ্যও পোহৰলৈ আহিছে।
অক্ষয় কুমাৰৰ অনুদান
২০২১ চনত অক্ষয় কুমাৰে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। তাতেই তেওঁ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সকলোকে অনুদান দিবৰ বাবে অনুৰোধো জনাইছিল। তেওঁ কৈছিল, ‘যিয়ে যিমান পাৰে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অনুদান দিব। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ অত্যন্ত গৰ্বৰ কথা। সেয়ে আমি এই নিৰ্মাণৰ কামত আগবাঢ়ি অহা উচিত। মইয়ো মোৰ সামৰ্থ অনুসৰি অনুদান দিছো। আশা কৰিছো আপোনালোকেও অনুদান আগবঢ়াব। জয় শ্ৰী ৰাম।’
অনুপম খেৰ
২০২৩ৰ ২ অক্টোবৰ বলীউডৰ বৰ্ষীয়ান অভিনেতা অনুপম খেৰেও এটা ভিডিঅ’ পোষ্ট কৰিছে। তেওঁ ভিডিঅ’ত কৈছে, ‘বন্ধুসকল, মই আপোনালোকক এই ভিডিঅ’ৰ জৰিয়তে ৰাম মন্দিৰৰ কিছু ছবি দেখুৱাইছো। ৰাম লালাৰ মন্দিৰ নিৰ্মাণত প্ৰতিজন ভক্তই নিজকে ভক্তিত নিমজ্জিত কৰক। অযোধ্যাৰ চাৰিওফালে কেৱল জয় শ্ৰী ৰাম ধ্বনি। আমিও ইয়াৰ উপস্থিত থাকিবলৈ পায় নিজকে ধন্য মানিছো। কাৰণ এই মন্দিৰৰ এটা ইটা অন্তত মই ভগৱান ৰামৰ নামত উৎসৰ্গা কৰিছো।
হেমা মালিনী
ৰিপৰ্টৰ মতে, মন্দিৰ নিৰ্মাণৰ বাবে বলীউডৰ ড্ৰীম গাৰ্লেও মোটা অংকৰ ধন আগবঢ়াইছে। ড্ৰীম গাৰ্ল হেমাই অযোধ্যাত উপস্থিত হৈ কৈছে, ‘মই প্ৰথমবাৰ অযোধ্যালৈ আহিছো। মই ৰামায়ণত সীতাৰ চৰিত্ৰ পাৰফৰ্ম কৰিছো। এই সময়ত এই স্থানত উপস্থিত থাকিবলৈ পায় মই ভাগ্যৱান অনুভৱ কৰিছো। সমগ্ৰ বলীউডেই এতিয়া ৰামময়। শিল্পীসকলে ৰাম নাম গাইছে। মইয়ো বহু বছৰৰ অন্তত ৰাম ভজন গাইছো। পাৰ্যমানে অনুদানো দিছো। অনুদান দিবলৈ পায় নিজকে কৃতজ্ঞ মানিছো।
মুকেশ খান্না
সৰু পৰ্দাৰ শক্তিমান মুকেশ খান্নাইয়ো ৰামমন্দিৰ নিৰ্মাণৰ বাবে অনুদান আগবঢ়াইছে। ২০২১ৰ ফেব্ৰুৱাৰী মাহত মন্দিৰ নিৰ্মাণ বাবে ১.১ লাখ টকা অনুদান আগবঢ়াইছে অভিনেতাজনে।
গুৰমিতৰ অনুদান
টেলিভিছনৰ পৰ্দাৰ জনপ্ৰিয় অভিনেতা গুৰমিত চৌধুৰীয়েও ৰামৰ ভূমিকাত অভিনয় কৰিছিল। ২০২১ চনত এক্স হেণ্ডেলত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। তেওঁ লিখিছে, ‘আপোনালোকে জানে যে উৎসাহৰ সৈতে সমগ্ৰ দেশত ৰাম মন্দিৰ নিৰ্মাণৰ কাম চলিছে। বহুজনে অনুদান দিছে। ময়ো এই কামৰ বাবে পাৰ্যমানে অনুদান দিছো। জয় শ্ৰী ৰাম।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ