নিতৌ মাতৃৰ ওপৰত অত্যাচাৰ চলাইছিল পুত্ৰই, অৱশেষত মাতৃয়ে…
মৰাণৰ পৰা আহিছে এক এনে খবৰ যি খবৰে এতিয়া ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে মৰাণৰ খোৱাঙত।
জন্মদাত্ৰী মাতৃয়েই কুঠাৰেৰে কাটি হত্যা কৰিলে যুৱ পুত্ৰক৷ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত ঘুগুলনি বঙালী আহোম গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, প্ৰয়াত ভীম গগৈৰ পুত্ৰ বাবা গগৈ (৩৫)-এ নিতৌ সুৰাপান কৰি আহি বৃদ্ধা মাতৃৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছিল। প্ৰায়ে টকাৰ বাবে বিনাদ্বিধাই মাতৃৰ ওপৰত মাৰপিট কৰিছিল পুত্ৰ বাবা গগৈয়ে।
যাৰ বাবেই অৱশেষত অত্যাচাৰৰ সীমা চেৰাই যোৱাত ৪ এপ্ৰিল বৃহস্পতিবাৰে নিশা মাতৃয়ে কুঠাৰেৰে আক্ৰমণ কৰি হত্যা কৰে পুত্ৰক। ঘটনাৰ বিষয়ে আৰক্ষীয়ে জানিব পৰাৰ লগে লগে খোৱাং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অত্যাচাৰী পুত্ৰৰ নিথৰ দেহ উদ্ধাৰ কৰাৰ লগতে মাতৃ কুঞ্জলতা গগৈয়ে (৫৫)ক আটক কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ