৩০ বছৰৰ মূৰত মাতৃক ন্যায় দিলে পুত্ৰই, ডি এন এৰ জৰিয়তে জানিব পাৰিলে ঘৰৰ ওচৰৰে দুই ভাতৃয়ে কৰিছিল নিকৃষ্ট কাম
১৩ বছৰ বয়সত এগৰাকী কিশোৰীয়ে জন্ম দিছিল এটি পুত্ৰ সন্তান, দুই ভাতৃৰ অপকৰ্মৰ ফল ভুগিছিল কিশোৰীগৰাকীয়ে। কিন্তু বয়স কম হোৱা বাবে পৰিয়ালৰ লোকেও সমাজৰ পৰা লুকুৱাই সন্তান জন্মৰ পাছতে পৰিয়ালৰ অন্যৰ হাতত তুলি দিছিল সেই সন্তান।
পাছে সেই পুত্ৰ সন্তানেই এতিয়া ৩০ বছৰীয়া ডেকা ল’ৰা হৈ ওভতি আহি ন্যায় দিলে মাতৃক। আৰক্ষীৰ হাতত ধৰা পেলাই শাস্তি দিয়ালে দুই পাষণ্ডক। এই ঘটনা ১৯৯৪ চনৰ উত্তৰ প্ৰদেশৰ বৰেলীৰ। য’ত এগৰাকী ১২ বছৰীয়া কিশোৰী সন্মুখিন হৈছিল ধৰ্ষণৰ।
ঘৰৰ ওচৰৰে দুই ভাতৃয়ে মিলি ধৰ্ষণ কৰিছিল এগৰাকী ১২ বছৰীয়া কিশোৰীক। বহু দিন ধৰি চলিছিল এই কাৰ্য। যাৰ ফলত ১৩ বছৰ বয়সতে গৰ্ভৱতী হৈ পৰিছিল কনমানি। স্বাস্থ্যজনিত কাৰণত চিকিৎসকেও গৰ্ভপাতৰ বাবে বাধা দিয়ে কনমানিগৰাকীক। যাৰ বাবে নিবিচৰা সত্তেও জন্ম দিবলৈ বাধ্য হয় সন্তান।
ঘটনাৰ সময়ক বায়েক ভিনিয়েকৰ ঘৰত বাস কৰিছিল কনমানি। যেতিয়া বায়েক আৰু ভিনিয়েক কামলৈ ওলাই গৈছিল তেতিয়াই ওচৰৰে দুয়ো ভাতৃ আহি ধৰ্ষণ কৰিছিল সেই কনামনিক। পাছত যেতিয়া ভুক্তভোগীৰ পৰিয়ালে ন্যায় বিচাৰি কাষ চাপে দুয়ো ভাতৃৰ ওচৰলৈ, ওলোটাই দাবি ধমকিৰে পঠিয়াই দিয়ে, তাৰোপৰি আৰক্ষীৰ কাষ চাপিলে প্ৰাণে মৰাৰো ভাবুকি দিয়ে।
যাৰ বাবে পৰিয়ালটো ভয়তে সেই স্থানৰ পৰাই আঁতৰি আহে। পাছত কিশোৰীগৰাকী যুৱতী হোৱাত দৰা বিচাৰি বিয়াও দিয়ে। কিন্তু বিয়াৰ ৬ বছৰ পাছত স্বামীয়ে পত্নীৰ পূৰ্বৰ কথা জানিব পাৰি বিবাহ বিচ্ছেদ দিয়ে।
আনহাতে পৰিয়ালৰ অন্য লোকৰ ঘৰত থাকি ডাঙৰ দীঘল হয় ধৰ্ষণৰ ফলত জন্ম হোৱা পুত্ৰ সন্তান। ডাঙৰ হোৱাৰ পাছত জানিব পাৰে মাতৃৰ সৈতে হোৱা ঘটনা। মাতৃক বিচৰাৰ লগতে সেই দুই পাষণ্ডৰো বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপে। ডি এন এ পৰীক্ষাৰ জৰিয়তে দোষি সাব্যস্ত হয় ঘৰৰ ওচৰৰে দুই ব্যক্তি।
দুষ্কাৰ্য সংঘটিত কৰাৰ সময়ত দুয়ো ভাতৃৰ বয়স আছিল ক্ৰমে ২২ আৰু ২৩ বছৰ। এতিয়া দোষী সাব্যস্ত হোৱাত দুয়োকে ৩০-৩০ হাজাৰকৈ জৰিমনা বিহাৰ লগতে ১০-১০ বছৰৰ কাৰাবাসো দিছে ন্যায়ালয়ে। ৩০ বছৰ অন্তত ন্যায় পালে তেতিয়াৰ কিশোৰী তথা এতিয়াৰ মহিলাগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ