মন্দিৰ দৰ্শনৰ বাবে গৈ থাকোতেই ১৫০ ফুট দ’ খাৱৈত বাছ বাগৰি ২১ যাত্ৰী নিহত, ৪০ আহত
আজি বিয়লি এক অতিকে শোকাৱহ ঘটনা পোহৰলৈ আহিছে। মন্দিৰ দৰ্শনৰ বাবে গৈ থাকোতেই মৃত্যু হয় ২১ গৰাকীকৈ লোকৰ। আনহাতে আহত হয় অন্য ৪০গৰাকী লোক। জম্মুত সংঘটিত হৈছে এই অতিকে শোকাবহ দুৰ্ঘটনাটো।
এক যাত্ৰীবাহী বাছৰ এই দুৰ্ঘটনাটো সংঘটিত হয়। মন্দিৰ দৰ্শনৰ বাবে গৈ আছিল বাছ ভৰ্তি ভক্ত। কিন্তু ৰাজপথত নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত ১৫০ ফুট দ’ খাৱৈত সকলো যাত্ৰীৰে সৈতে বাগৰি পৰে বাছখন। দুৰ্ঘটনাৰ সময়ত বাছখনত ৬০ গৰাকী যাত্ৰী আছিল।
বাছখন বাগৰি পৰাৰ ফলতে ঘটনাস্থলীতে নিহত হয় ২১ গৰাকী লোক। আনহাতে আহত হয় ৪০ গৰাকী। ইয়াৰে ২০গৰাকী লোক গুৰুতৰভাৱে আহত হয়। যাৰ বাবে এতিয়া সন্দেহ কৰা অনুসৰি পাছলৈ মৃত্যুৰ সংখ্যা বৃদ্ধিপাব পাৰে। আহত সকলক বৰ্তমানে নিকট হাস্পতালত ভৰ্তি কৰোৱা গৈছে ২০ গৰাকীক উন্নত চিকিৎসাৰ বাবে জম্মুৰ জিএমচিলৈ প্ৰেৰণ কৰা হৈছে।
প্ৰাথমিক তথ্যৰ ওপৰত ভিত্তি কৰি ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, উত্তৰ প্ৰদেশৰ নম্বৰ প্লেট থকা বাছখন জম্মুৰ মাতা বৈষ্ণো দেৱী মন্দিৰৰ পৰা ৮০ কিলোমিটাৰ দূৰ স্থিত শিৱখেৰী ধামলৈ বুলি গৈ আছিল। কিন্তু পথতে বিপৰীত দিশৰ পৰা অহা এখন বাছৰ সৈতে মুখামুখি হৈ নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ