অসমত গৌৰৱ, ৱায়নাদ আৰু ৰায় বৰেলীত ৰাহুল গান্ধী বৃহৎ জয়ৰ দিশে, ভোটৰ ব্যৱধান বহুত
কংগ্ৰেছৰ বহু প্ৰত্যাশিত প্ৰাৰ্থী ৰাহুল গান্ধী আৰু অসমৰ গৌৰৱ গগৈৰ বৃহৎ জয়। কেৱল আনুষ্ঠানিকতা বাকি । কংগ্ৰেছৰ দুয়োগৰাকী যুৱনেতাৰ ফলাফলে সুখৰ বতৰা কঢ়িয়াই আনিছে দলটোৰ বাবে। অসমৰ যোৰহাট সমষ্টিত গৌৰৱ গগৈয়ে ১ লাখ ৩১ হাজাৰ ভোটৰ ব্যৱধানত অগ্ৰগতি তথা জয়।
পিতৃ তৰুণ গগৈৰ নাম ৰাখি বিজেপিৰ তপন কুমাৰ গগৈক ১৩৪৬৯৭ ভোটৰ ব্যৱধানত পৰাস্ত কৰি জয় হোৱাৰ দিশে।
ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ ৰায়বৰেলীত ৩ লাখ ৭৭ হাজাৰ ভোটত অগ্ৰগতি লাভ কৰি আছে। যি ব্যৱধান কোনেও পাৰ কৰিব নোৱাৰে। ই একপ্ৰকাৰৰ অসম্ভৱ। যাৰ বাবে ৰায়বৰেলীৰ আনুষ্ঠানিক ঘোষণা বাকি।
কেৰালাৰ আন সমষ্টি ৱায়নাদৰ পৰাও খেলি ৰাহুলে বৃহৎ জয়ৰ দিশে অগ্ৰসৰ । এইটো সমষ্টিটো ৩ লাখ ৫৪ হাজাৰ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে ৰাহুল। এই ব্যৱধানো পাৰ কৰা একপ্ৰকাৰৰ অসম্ভৱ।
ৰাহুলে খেলা দুয়োটা সমষ্টিতে ৩ লাখ ভোটৰ ব্যৱধানত জয়। এইদৰে দুয়োজন যুৱৰাজৰ জয়ত এতিয়া বিৰোধি দলত শান্তি তথা জয়ৰ উলাহ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















