মহাবিপদত সুনিতা, মাথো ২৭ দিনৰ তেল বাকি মহাকাশ যানত, কিন্তু মহাকাশৰ পৰা উভতি অহাৰ নাই কোনো সুবিধা
মহাকাশত মহাবিপদত মহাকাশচাৰী সুনিতা উইলিয়ামছ। পৃথিৱীলৈ উভতি আহিব পৰা নাই যানখনৰ বিজুতিৰ বাবে। তাৰে মাজতে দেখা দিছে আন এক বিপদে। এতিয়া মাথো ২৭ দিনৰ হে তেল বাকি আছে সুনিতাৰ মহাকাশ যান খনত।
নাছাৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যোৱা সুনীতা উইলিয়ামছ তাত আৱদ্ধ হৈ আছে। তেওঁলোকে পৃথিৱীলৈ ঘূৰি আহিবলৈ আৰু কিছু সময়ৰ প্ৰয়োজন হ’ব পাৰে। আমেৰিকাৰ মহাকাশচাৰী বুচ্চ উইলম’ৰৰ সৈতে বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানত উঠি মহাকাশ কেন্দ্ৰলৈ গৈছিল।
৫ জুনত মহাকাশলৈ গৈছিল সুনিতা আৰু বুচ্চ। কাম সমাপন হোৱাৰ পাছত ১৩ জুনত দুয়োগৰাকী মহাকাশচাৰী উভতি অহাৰ পৰিকল্পনাও আছিল। কিন্তু নাছাই তৃতীয়বাৰৰ বাবে তেওঁলোকৰ উভতি অহাৰ পৰিকল্পনা পিছুৱাই দিব লগা হয়। ইয়াৰ ফলত ভাৰতীয় মূলৰ সুনীতা আৰু বুচ্চ আৱদ্ধ হ’ব পাৰে বুলি চিন্তা বাঢ়িছে।
আচলতে এই বয়িং অভিযানটো আৰম্ভণিতে অসুবিধাৰ সন্মুখীন হৈছিল আৰু ইয়াৰ উৰণ কেইবাবাৰো পিছুৱাই দিবলগীয়া হৈছিল। অৱশেষত ২০২৪ চনৰ ৬ জুনত ই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS)ত উপস্থিত হয়। অৱশ্যে এতিয়া ইয়াৰ যাত্ৰাত আন এক বাধা আহি পৰিছে।
আনহাতে এক বিবৃতিত কয় যে মহাকাশ কেপচুলে থ্ৰাষ্টাৰ বিকল হোৱা আৰু ভালভ লিক হোৱাৰ দৰে কিছুমান কাৰিকৰী সমস্যাৰ সন্মুখিন হৈছে আৰু ইয়াক ঠিক কৰিবলৈ উইলিয়ামছ আৰু বুচ্চৰ উভতি অহাটো পিছুৱাই দিবলগীয়া হৈছে।
সুনীতা উইলিয়ামছৰ মহাকাশ যাত্ৰাৰ বাটত অহা এই বাধাবোৰে এতিয়া চিন্তা বঢ়াইছে মহাকাশ বিজ্ঞানী সকলৰ। বহু লোকে ভাৰতীয় মূলৰ আন এগৰাকী মহাকাশচাৰী কল্পনা চাওলাক সোঁৱৰাই দিছে এই ঘটনাই, যিগৰাকীয়ে একেদৰেই আই এছ এছৰ পৰা উভতি আহোঁতে দুৰ্ঘটনাত মুখামুখি হৈ মৃত্যুমুখত পৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ