অসম লাইভ ২৪ঃ উত্তৰ প্ৰদেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ধৰ্ষণৰ ঘটনা। হাথৰছ কাণ্ডই কঁপাইছে সমগ্ৰ দেশ। এনে সময়তে দ্য নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ই প্ৰকাশ কৰিছে ভয়ংকৰ তথ্য। NCBৰ প্ৰতিবেদনত জনা গৈছে প্ৰতি ১৬ মিনিটত দেশত এগৰাকী কন্যা সন্তান ধৰ্ষিত হয়। প্ৰতি ঘণ্টাত এগৰাকী কন্যাক যৌতুকৰ বাবে স্বামী পৰিয়ালে হত্যা কৰে। প্ৰতি ৪ মিনিটৰ মূৰত দেশত এগৰাকী কন্যা শহুৰ পৰিয়াল আৰু স্বামীৰ দ্বাৰা লাঞ্ছিত-নিৰ্যাতিত হয়। দেশত প্ৰতি দুদিনৰ অন্তত এগৰাকী কন্যাৰ ওপৰত এচিড আক্ৰমণ হয়। প্ৰতি ৩০ ঘণ্টাৰ অন্তৰত গণ ধৰ্ষণৰ বলি হয় এগৰাকী কন্যা। প্ৰতি দুঘণ্টাৰ অন্তৰত এগৰাকী কন্যা ধৰ্ষণৰ অপচেষ্টা কৰা হয়। আৰু প্ৰতি ৬ মিনিটৰ মূৰত এগৰাকী কন্যাৰ ওপৰত যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱা হয়। যিসময়ত পুৰুষৰ সমানে সমানে মহিলাই তাল মিলাই কাম কৰিছে, মহাকাশলৈ যাত্ৰা কৰিছে মহিলাই, তেনে সময়তে এইখন দেশত প্ৰতিদিনেই লাঞ্ছিত-নিৰ্যাতিত হ’বলগা হৈছে মহিলা। যিসময়ত উত্তৰ প্ৰদেশৰ কাণ্ডত সমগ্ৰ দেশ উত্তাল তেনে সময়ত NCBৰ এই প্ৰতিবেদনে মানুহৰ ক্ষোভ আৰু দুগুণ বৃদ্ধি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ