২০১৩ চনৰ ১৬ জুন, মেষ বিস্ফোৰণৰ কথা আজিও সজীৱ৷ খহি পৰিছিল কেদাৰনাথসহ উত্তৰাখণ্ডৰ এটা বৃহৎ অংশ৷ ৩৮০০ মিটাৰ উচ্চতাত অৱস্থিত হিমবাহ খহি পৰিছিল৷ মন্দাকিনি নদীয়েদি বৈ আহিছিল সেই হিমবাহ গলা পানী৷ সেই বিপৰ্যয়ৰ ১১বছৰ সম্পূৰ্ণ হৈছে৷ দেওবাৰে আকৌ এবাৰ সেই বিপৰ্যয়ৰ পুনৰাবৃত্তি হ’ব পাৰে বুলি ভয় খাইছে এতিয়া বহুসংখ্যক ভক্তই৷ কাৰণ কেদাৰনাথ ধাম মন্দিৰৰ ঠিক পিছফালেই নামি আহিছে হিমবাহ৷ পাহাৰৰ পৰা হঠাৎ ফাটি খহি পৰিছে হিমবাহ৷ সেই হিমবাহ গলিলেই আকৌ বান আহিব বুলি ভয় খাইছে এতিয়া প্ৰায়সংখ্যক ভক্তই৷
কেদাৰনাথৰ ওপৰত থকা গান্ধী সৰোবৰৰ ওপৰৰ পৰা বৈ আহিছে বৰফৰ নদী৷ অৱশ্যে বৰ্তমানলৈকে কোনো দুৰ্ঘটনাৰ খবৰ অহা নাই৷ সম্পত্তিৰো কোনো ক্ষয় ক্ষতি হোৱা নাই৷ পুৱাৰ ভাগত হিমবাহ খহি অহা দেখি উশাহ ছুটি হৈ আহিছিল বহু ভক্তৰ৷ পাহাৰৰ পৰা বৈ আহিছিল বৰফৰ নদী৷ কেদাৰনাথ মন্দিৰৰ ঠিক পিছফালেৰে সেই নদী বৈ আহিছে৷ মন্দিৰত থকা বহু ভক্তৰ কেমেৰাত বন্দী হৈছে এই দৃশ্য৷ উত্তৰাখণ্ডৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জনোৱা অনুসৰি এই হিমবাহে কোনো সম্পত্তি বা প্ৰাণৰ ক্ষতি কৰা নাই৷
https://x.com/PTI_News/status/1807341098999669067
উল্লেখ্য যে বিগত ৮ জুনতো একে স্থানতেই হিমবাহ ভাঙি পৰিছিল৷ বিগত বৰ্ষৰ মে আৰু জুন মাহতো গ্লেছিয়াৰ এলেকাত পাঁচবাৰকৈ তুষাৰ খহিছিল৷ ২০২২ ৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহতো এই অঞ্চলত হিমবাহ খহি পৰিছিল৷ বৰ্তমানো উত্তৰাখণ্ডত অব্যাহত আছে চাৰধাম যাত্ৰা৷ বৰ্ষাৰ মাজতেই কেদাৰনাথ দৰ্শনৰ বাবে বিপুল সংখ্যক মানুহে ভিৰ কৰিছে উত্তৰাখণ্ডত৷ ১০ মেৰ পৰা অব্যাহত আছে এই যাত্ৰা৷ বৰ্তমান পৰ্যন্ত ১০লাখতকৈয়ো বেছি ভক্তৰ সমাগম ঘটিছে এই অঞ্চলত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ