মমতাময়ী মাতৃ নে কি! কনমানি পুত্ৰৰ গাৰ ওপৰত বহি লৈ নিৰ্বিচাৰ প্ৰহাৰ, ভিডিঅ’ দেখিলে কঁপি উঠিব আপুনিও
হৰিদ্বাৰৰ পৰা আহিছে এক চাঞ্চল্যকৰ ভিডিঅ’। হৰিদ্বাৰ জিলাৰ ঝাব্ৰেডা থানা এলেকাত সংঘটিত হৈছে এই ঘটনা। য’ত এগৰাকী মহিলাই নিজৰেই শিশু সন্তানক প্ৰহাৰ কৰা ভিডিঅ’ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। অতি নিৰ্দয় ভাৱে প্ৰহাৰ কৰা দেখা গৈছে মহিলাগৰাকীয়ে।
এই ভিডিঅ’টো প্ৰায় ২ মাহ পুৰণি যিটো এতিয়া দ্ৰুতগতিত ভাইৰেল হৈ আছে সামাজিক মাধ্যমত। য’ত ঝাব্ৰেডাৰ বাসিন্দা এগৰাকী মহিলাই নিজৰ ১১ বছৰীয়া পুত্ৰক প্ৰহাৰ কৰিছে। ২৫ কেজি ওজনৰ কনমানি পুত্ৰৰ গাৰ ওপৰত ৯০ কেজি ওজনৰ মাতৃ গৰাকী বহি লৈ নিৰ্বিচাৰে প্ৰহাৰ কৰিছে।
চৰ-ভুকু দিয়াৰ লগতে মূৰটো থেতেলিয়াই দিছে মাটিত। বহু সময়ধৰি তেনেদৰে প্ৰহাৰ কৰিছে মাতৃগৰাকীয়ে। যি ভিডিঅ দেখি শিয়ৰি উঠিছে বহু লোক। এগৰাকী জন্মদাত্ৰীয়ে কিদকে নিজৰেই পেটৰ পোৰ লগত তেনে কৰিব পাৰে। আৰক্ষীত ওপৰচ গোচৰো দাখিল কৰা হৈছে।
সেই গোচৰৰ বিত্তিতেই মহিলাগৰাকীক আটক কৰি সোধপোচ কৰা হৈছে। পাছে সোধ পোচত ওলাইছে আন এক ঘটনাহে। মহিলাগৰাকীয়ে দাবী কৰা অনুসৰি সেয়া সকলো এট নাটকৰ অংশ। এই সমস্ত ঘটনা নিজৰেই ১২ বছৰীয়া পুত্ৰই কৰি আছিল।
তেনেদৰে এক ভি়ডিঅ কৰি সেই ভিডিঅ পিছত উত্তৰ প্ৰদেশৰ ছাহাৰনপুৰত থকা স্বামী মনোজ দেওবন্দৰ ওচৰলৈ পঠিয়াই দিয়ে। কাপোৰৰ দোকানত কোনে কাম কৰা পিতৃয়ে শিশুটিক প্ৰহাৰ কৰা এই ভিডিঅ’টো ভাইৰেল কৰি দিয়া ছ’চিয়েল মিডিয়াত।
https://x.com/ManojSh28986262/status/1813561038228582910
ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে হৰিদ্বাৰ আৰক্ষীয়ে শিশু যত্নৰ হেল্পলাইনত খবৰ দিয়ে। নিয়ম অনুসৰি মহিলাগৰাকীক মাতি আনি চি ডব্লিউ চি (শিশু কল্যাণ সমিতি) ৰোশনাবাদ, হৰিদ্বাৰৰ আগত হাজিৰ কৰা হয়। য’ত মহিলাগৰাকীক কেইবাটাও পৰ্যায়ত সোধপোচ কৰা হয়।
মহিলাগৰাকীয়ে কয় যে, যোৱা ১০ বছৰ ধৰি তেওঁৰ স্বামীৰ সৈতে কাজিয়া চলি আছিল। স্বামীয়ে ঘৰত কোনো পইচা খৰছ নকৰে। বহুদিন ধৰি ঘৰলৈও অহা নাই আৰু সুৰাপানো সেৱন কৰে। মহিলাগৰাকীয়ে ঘৰ ওচৰৰে দোকান এখনত কাম কৰি কোনোমতে সন্তানৰ লগতে ঘৰৰ খৰছ কৰি আছে।
সেয়ে গিৰিয়েকক ভয় খুৱাই ঘৰৰ দায়িত্ব উপলব্ধি কৰাৰ লক্ষ্যৰে প্ৰায় দুমাহ পূৰ্বে পুত্ৰৰ সৈতে মিলি তেনে ভিডিঅ’ বনাই স্বামীলৈ পঠিয়াইছিল বুলি কয় মহিলাগৰাকীয়ে। যিটো পাছত স্বামীয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল কৰিছিল।
মহিলাগৰাকীক কোৱা হৈছে যে প্ৰহাৰৰ সময়ত শিশুটিৰ বুকুত কেৱল ভাও ধৰি মূৰটো থৈছিল যদিও কোনো ধৰণে শিশুটিক কামোৰা নাই। ঝাব্ৰেডা আৰক্ষী থানাই অঞ্চলবাসীৰ পৰা তথ্য গ্ৰহণ কৰে। য’ত প্ৰকাশ পাইছিল যে মহিলাগৰাকী মানুহৰ প্ৰতি কম বন্ধুত্বপূৰ্ণ, কিন্তু সন্তানৰ প্ৰতি তেওঁৰ আচৰণ ঠিকেই আছে। ইয়াৰ পূৰ্বে এনে কোনো ঘটনা সংঘটিত হোৱা নাছিল যিটো স্থানীয় বা ক’তো আলোচনাৰ বিষয় হৈ পৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















