সাৱধান, বজাৰৰ পৰা ক্ৰয় কৰা বটলৰ পানী খাই আই চি ইউ পালেগৈ এজন যুৱক
বজাৰৰ পৰা পানীৰ বটল ক্ৰয় কৰি পানী সেৱন কৰে নেকি, তেন্তে সাৱধান হওক। ইয়াৰ ফলত আপোনাৰ জীৱন বিপদত পৰিব পাৰে। কাৰণ গোৱালিয়ৰৰ এজন যুৱক ক্ৰয় কৰা বটলৰ পানী সেৱন কৰি আই চি ইউত ভৰ্তি হৈছে।
দৰাচলতে ব্ৰেণ্ডেড কোম্পানীৰ পেকেজড খোৱাপানীৰ নামত বজাৰত বহুত ভুৱা সামগ্ৰী বিক্ৰী কৰি মানুহৰ জীৱনৰ লগত খেলা-ধূলা কৰা হৈছে। এই কথা পোহৰলৈ আহে গোৱালিয়ৰৰ পৰা। য’ত যুৱক এগৰাকীয়ে ব্ৰেণ্ডেড কোম্পানী এটাৰ ছীল কৰা পেকেজড ড্ৰিংকিং বটল কিনি পান কৰিছিল, কিন্তু তাৰ পিছত তেওঁৰ জীৱন বিপদত পৰে।
য’ত যুৱকজনে বৰ্তমানে আই চি ইউত জীৱন-মৃত্যুৰ সৈতে যুদ্ধ কৰি আছে। ঘটনাৰ পাছতে যুৱকৰ পৰিয়ালৰ লোকে ষ্ট’ৰলৈ গৈ সেই পানীৰ বটলবোৰ দেখে, তেতিয়াই জানিব পাৰে সেয়া ভুৱা। যুৱকজনৰ নাম নদীম খান।
মহৰমৰ শোভাযাত্ৰাত যোগদান কৰিবলৈ আনন্দ নগৰত উপস্থিত হৈছিল গোৱালিয়াৰৰ অপাগঞ্জৰ নিবাসী নদীম। শোভাযাত্ৰাৰ সময়ত আৰ্দ্ৰতাৰ বাবে যেতিয়া তেওঁৰ অত্যন্ত পিয়াহ লাগে তেতিয়া দোকান এখনৰ পৰা পেকেটত ভৰোৱা খোৱাপানীৰ বটল এটা ক্ৰয় কৰি পানী খোৱাৰ পিছতে নদীম খানৰ অৱস্থাৰ অৱনতি ঘটে আৰু সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হয়। পাছলৈ অৱস্থা আৰু অধিক বেয়া হোৱাৰ লগে লগে নদীম খানক আই চি ইউত ভৰ্তি কৰোৱা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ