নিতৌ এগিলাছ এলোভেৰা জুছ সেৱন কৰক, চিৰ যৌৱনা হৈ থাকক
সকলোৱে বিচাৰে তেওঁলোকৰ ছালখন সদায় সজীৱ হৈ থাকক আৰু জিলিকি থাকক। কিন্তু বয়সৰ লগে লগে মুখত বলিৰেখা দেখা দিবলৈ আৰম্ভ কৰে। কিছুমানে গ্ল’য়িং ছাল পাবলৈ পাৰ্লাৰলৈ যায় আনহাতে কিছুমানে ঘৰুৱা উপায় গ্ৰহণ কৰে।
ঘৰতে সহজে ভাল ছালৰ গৰাকী হবলৈ গ্ৰহণ কৰিব পাৰে এলোভেৰা। বহু লোকেই নিশ্চয় কেৱল মুখত এলোভেৰা লগোৱা দেখিছে, কিন্তু আপুনি জানেনে যে এলোভেৰাৰ ৰস খালেও আপোনাৰ ছালখন জিলিকি উঠিব। লাব কৰিব যৌৱন।
আমাৰ খাদ্যাভ্যাসৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ স্বাস্থ্য, শৰীৰ আৰু মুখৰ ওপৰত পৰে। সেয়েহে আমি স্বাস্থ্যকৰ খাদ্য খোৱাৰ চেষ্টা কৰা উচিত। এলোভেৰাৰ ৰস সেৱন কৰিলে ছালৰ বাবে বহু উপকাৰ পোৱা যায়। এই ৰস প্ৰতিদিনে সেৱন কৰিলে কি কি লাভ জানো আহক-
বয়স বৃদ্ধি বিৰোধী
এলোভেৰাৰ ৰসত এন্টি-বেক্টেৰিয়েল আৰু এন্টি এজিং গুণ পোৱা যায়। ই ছালখন এক্সফোলিয়েট কৰি মুখৰ দাগ আৰু বলিৰেখা আঁতৰায়।
পিম্পলছৰ পৰা ৰেহাই পাব
এলোভেৰাৰ এন্টি-বেক্টেৰিয়েল গুণ আছে আৰু ইয়াৰ ৰস খালেও শৰীৰটো হাইড্ৰেটেড হৈ থাকে যাৰ বাবে মুখত ব্ৰণ আৰু পিম্পল নাথাকে।
পাচনতন্ত্ৰ শক্তিশালী কৰে
এলোভেৰাৰ ৰস সেৱন কৰিলে আমাৰ পাচনতন্ত্ৰ শক্তিশালী হয়। এলোভেৰাৰ ৰসেৰে খাদ্য সহজে হজম হয় আৰু ইয়াৰ পৰা গেছ উৎপন্ন নহয়। যদি আমাৰ পাচনতন্ত্ৰ সঠিকভাৱে কাম নকৰে তেন্তে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ মুখত পৰে যাৰ বাবে আমাৰ ছালখন নিস্তেজ দেখাবলৈ আৰম্ভ কৰে।
এলোভেৰাৰ ৰস কেনেকৈ প্ৰস্তুত কৰিব-
এলোভেৰাৰ ৰস বনাবলৈ প্ৰথমে এলোভেৰাৰ পৰা জেল উলিয়াই লওক।
এতিয়া এলোভেৰা জেল, পানী আৰু নেমুৰ ৰসৰ সৈতে মিহলাই গ্ৰাইণ্ডাৰত পিহি লওক।
পিহি লোৱাৰ পিছত এলোভেৰাৰ ৰসখিনি চেকনিৰে চেকি লওক।
আপোনাৰ সতেজ এলোভেৰাৰ ৰস সাজু হৈছে। ব্ৰেকফাষ্টৰ পিছত পান কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ