মহাকাশত এতিয়াও বন্দী হৈ আছে সুনীতা উইলিয়ামছ৷ তেওঁলোকে উভতি অহাৰ যি দিন নাছাই প্ৰকাশ কৰিছিল সেই দিন কেতিয়াবাই পাৰ হ’ল৷ আন্তৰ্জাতিক স্পেছ ষ্টেচনত এতিয়াও বন্দী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বুছ উইলমোৰ৷ এই পৰিস্থিতিত দুয়ো কেতিয়া পৃথিৱীলৈ উভতি আহিব পাৰিব সেই তাৰিখ ঘোষণা কৰিবলৈ প্ৰস্তুত নহয় নাছা৷ মহাকাশযানখনৰ বোয়িং ষ্টাৰলাইনাৰৰ যি ত্ৰুটি ধৰা পৰিছিল সেয়া সমাধা কৰাৰ চেষ্টাত ব্ৰতী হৈ আছে নাছা৷
মহাকাশযানখনৰ বোয়িং ষ্টাৰলাইনাৰৰ যি ত্ৰুটি আছিল সেয়া সমাধাৰ চেষ্টাত ব্ৰতী হৈ আছে ইঞ্জিনিয়াৰসকল৷ নাছাৰ বাণিজ্যিক ক্ৰুৰ প্ৰগ্ৰাম মেনেজাৰ ষ্টিভ ষ্টিছে কয়, মিছন মেনেজাৰ এতিয়াও প্ৰস্তুত নহয় সুনীতা উভতি অহাৰ দিন প্ৰকাশ কৰাৰ বাবে৷ সকলো দিশ খুটি নাটি তাই মহাকাশযানখন ত্ৰুটিমুক্ত হ’লেহে সেই যান পৃথিৱীলৈ উভতি আহিব৷
বিগত ৭ জুনত আন্তৰ্জাতিক মহাকাশ ষ্টেচনত ভৰি দিছিল সুনীতা আৰু বুছ উইলমোৱে৷ উৎক্ষেপণৰ পূৰ্বেই একাধিক যান্ত্ৰিক ত্ৰুটি ধৰা পৰিছিল সুনীতাই যাত্ৰা কৰা মহাকাশযানখনত৷ যাৱতীয় সমস্যা দূৰ কৰি গন্তব্য স্থান পাইগৈ সুনীতা আৰু উইলমো৷ কিন্তু গন্তব্যস্থান পালেও পৃথিৱীলৈ উভতি আহিব পৰা নাই দুই নভোশ্বৰ৷ প্ৰথমে তেওঁলোক ২৬ জুনত উভতি অহাৰ কথা আছিল কিন্তু সেয়া সম্ভৱ হৈ নুঠিল৷ সুনীতাহঁত থকা মহাকাশ ষ্টেচনত নিত্যপ্ৰয়োজনীয় সকলো সামগ্ৰীয়েই আছে৷ সেই ষ্টেচনত দীৰ্ঘদিন ধৰি থাকিলেও কোনো অসুবিধা নাই বুলি জনাইছে নাছাই৷ এই যাত্ৰাৰ পূৰ্বেও মহাকাশলৈ গৈছে সুনীতা৷ ২০০৬ চন আৰু ২০১২ চনত মহাকাশ অভিযানত অংশ লৈছিল সুনীতাই৷ সকলো মিলি মুঠ ৩২২ দিন মহাকাশত সময় কটোৱাৰ অভিজ্ঞতা আছে সুনীতাৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ