বৰ্তমান গুৰুতৰ স্বাস্থ্য সমস্যা হৈ থিয় দিয়ে ডায়বেটিছ৷ এয়া এনে এক অসুখ, যিয়ে শৰীৰৰ বিভিন্ন অংশক প্ৰভাৱিত কৰিব পাৰে৷ ইয়াৰ মাজতেই হৈছে ছালো৷ ডায়বেটিছ ৰোগীৰ বহুসংখ্যাকেই সময়ে সময়ে ছালৰ সমস্যাত ভূগে৷ ছালত খজুৱতিৰ লগতে ৰঙা পৰা আদি বিভিন্ন লক্ষণ ফুটি উঠে৷ বিশেষজ্ঞসকলৰ মতে ডায়বেটিছ হ’লে তেজত শৰ্কৰাৰ মাত্ৰা বাঢ়ি যায়৷ ইয়াৰ মাত্ৰা অতিৰিক্ত বাঢ়ি গ’লে শৰীৰত পৰ্যাপ্ত ইনছুলিন তৈয়াৰ নহয় বা ইনছুলিনে সঠিকভাৱে কাম নকৰে৷ ফলত তেজত শৰ্কৰাৰ মাত্ৰা বাঢ়ি যায়৷
ডায়বেটিছ দুই প্ৰকাৰৰ
ডায়বেটিছৰ বহু কাৰণ থাকিব পাৰে৷ ইয়াৰ এটি প্রধান কাৰণ হৈছে জেনেটিক৷ অৰ্থাৎ পৰিয়ালৰ কাৰোবাৰ যদি ডায়বেটিছ থাকে, তেন্তে আপোনাৰো ডায়বেটিছৰ আশংকা আছে৷ ইয়াক টাইপ-১ ডায়বেটিছ বুলি কোৱা হয়৷ ইয়াৰোপৰি ভুল খাদ্যভাস আৰু বিচ্ছৃংখল জীৱনশৈলীও ডায়বেটিছৰ প্ৰধান কাৰণ৷ ভুল খাদ্যভাস বা অনিয়ন্ত্ৰিত জীৱনশৈলীৰ বাবে যি ডায়বেটিছে দেখা দিয়ে এই ডায়বেটিছক কোৱা হয় টাইপ-২ ডায়বেটিছ ৷
ডায়বেটিছত কিয় ছালত প্ৰভাৱ পৰে?
চিকিৎসকৰ মতে, ডায়বেটিছ ৰোগীক ছালত নানান সংক্ৰমণে দেখা দিয়ে৷ ৰক্ত শৰ্কৰাৰ মাত্ৰা বাঢ়ি যোৱাৰ ফলত শক্তিৰ অভাৱে দেখা দিয়ে৷ ইয়াৰ ফলত ছালৰ কোষ ক্ষতিগ্ৰস্ত হয় আৰু ছাল শুকাই যোৱা, ৰঙা ৰঙা দাগ পৰা, খজুৱতি আদি সমস্যাই দেখা দিয়ে৷ ইয়াৰোপৰি নিয়মিত ডায়বেটিছৰ ঔষধ খালে ছালত খজুৱতি হয়৷ এনে লক্ষণে দেখা দিলেই চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী৷ ইয়াৰোপৰি লগে লগেই ঔষধো পৰিবৰ্তন কৰিব লগা হ’ব পাৰে৷
ছালৰ খজুৱতিক পৰা কেনেকৈ ৰক্ষা পাব?
১. ৰক্ত শৰ্কৰাৰ মাত্ৰা বজায় ৰাখক৷
২. কুহুমীয়া গৰম পানীয়ে গা ধুৱক আৰু ময়ছৰাইডিং ক্ৰিম ব্যৱহাৰ কৰক৷
৩. ছালৰ আৰ্দ্ৰতা বজাই ৰাখিবলৈ ছিৰাময়ডযুক্ত ক্ৰিম ব্যৱহাৰ কৰক৷
৪. টাৱেলেৰে গা মোহাৰি নাথাকিব ইয়াৰ সলনি নিজে নিজেই শুকাবলৈ দিয়ক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ