বুধত ৱায়নাডলৈ যোৱাৰ কথা থাকিলেও যাব নোৱাৰিলে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী৷ কিন্তু ৰাহুলে কথা দিছিল যিমান দ্ৰুতভাৱে পাৰে সিমান দ্ৰুততাৰে ৰাহুল ৱায়নাডলৈ যাব৷ ৱায়নাডবাসীক দিয়া কথা ৰাখিলে ৰাহুল-প্ৰিয়ংকাই৷ বৃহস্পতিবাৰে বান বিধ্বস্ত ৱায়নাডত উপস্থিত হৈছে ৰাহুল আৰু প্ৰিয়ংকা গান্ধী৷
দুৰ্যোগ এতিয়াও ক্ষাম কটা নাই বায়নাডত৷ বৰষুণ এতিয়াও দিয়েই আছে৷ মাটি খহিয়েই আছে৷ ইয়াৰ মাজতেই ৰাহুল আৰু প্ৰিয়ংকাই সেই স্থানত উপস্থিত হৈ ক্ষতিগ্ৰস্থ পৰিয়ালৰ বুজ লৈছে৷ পাৰ্যমানে দেখা কৰিছে ক্ষতিগ্ৰস্থ পৰিয়ালক৷ এই বানত ক্ষতিগ্ৰস্থ হোৱা গাওঁসমূহৰ ভিতৰত আছে ৱায়নাডৰ চুৰালমালা গাঁৱয়েই সৰ্বাধিক ক্ষতিগ্ৰস্থ হৈছে৷ কেনে পৰিস্থিতি সৃষ্টি হৈছে বিশেষ গাঁৱখনত সেয়া ভিডিঅ’সমূহ চালেই বুজিব পাৰি৷
ৰাহুল সেই স্থানত উপস্থিত হোৱাৰ কাৰণো আছে৷ ৰাহুল সেই সমষ্টিৰ পৰা এইবাৰো সাংসদ নিৰ্বাচিত হৈছিল৷ কিন্তু ৰাহুলে দুটাকৈ সমষ্টিত জয়লাভ কৰাৰ বাবে এইবাৰ ৱায়নাডৰ সাংসদ পদ ত্যাগ কৰিছে৷ সেই স্থানত আকৌ উপনিৰ্বাচন হ’ব৷ সেই উপনিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াব প্ৰিয়ংকা গান্ধীয়ে৷ প্ৰাক্তন সাংসদ হিচাপে সেই স্থানৰ জনতাৰ প্ৰতি ৰাহুলৰো কৰণীয় আছে সেই কথা ৰাহুলে অস্বীকাৰো কৰিব নোৱাৰে৷ সেয়ে সকলো বাধা নেওচি ৰাহুল উপস্থিত হৈছে বানবিধ্বস্ত ৱায়নাডত৷ ৱায়নাডৰ বিশেষ ক্ষতিগ্ৰস্ত জিলা চুৰালমালাত গৈ বুজ লৈছে দুৰ্দশাৰ৷ লগ কৰিছে সেই স্থানৰ স্থানীয় প্ৰশাসনৰ সৈতেও৷
বিগত ৩০ জুলাইত হোৱা অত্যধিক বৃষ্টিপাতৰ ফলত হঠাৎ অহা বান আৰু ভূমিস্খলনে তথনচ কৰিছে ৱায়নাড৷ চুৰালমালা, মুণ্ডাক্কাই, অট্টমালা, নুলপুঝৰ দৰে গাঁৱসমূহো ক্ষতিগ্ৰস্থ হৈছে৷ ৱায়নাড কেৰালাৰ অন্যতম পৰ্যটক অহা ঠাই৷ সেই স্থানৰ শান্ত পাহাৰ, স্নিগ্ধ বতাহ, মনোৰম শোভা উপভোগ কৰিবলৈকে আহে বহু পৰ্যটক৷
সেই শান্ত পাহাৰত এতিয়া আৰু সেই পৰিবেশ নাই৷ চৌদিশৰ পৰা খহিছে পাহাৰ৷ বানে উটোৱাই নিছে সকলো সৌন্দৰ্য৷ ধ্বংসস্তুপত পৰিণত বায়নাডত মৃতকৰ সংখ্যা হৈছেগৈ ২৭৬তকৈয়ো বেছি৷ শতাধিক মানুহৰ এতিয়াও কোনো সন্ধান পোৱা নাই৷ ঘড়ীৰ কাটা যিমানেই আগুৱাইছে সিমানেই জীৱিত অৱস্থাত উদ্ধাৰৰ আশা ক্ষীণ হৈ আহিছে৷ তথাপিও হাৰ মনা নাই প্ৰশাসন৷ পাৰ্যমানে চলাই আছে উদ্ধাৰ অভিযান৷ সকলোৰে আশা সন্ধানহীনসকল উদ্ধাৰ হওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ