দীঘল চুলি বিচাৰে কিন্তু বহু যত্ন কৰিয়ো হোৱ নাই, নিতৌ খাওক এই কেইবিধ সামগ্ৰী
সকলো নাৰীয়ে বিচাৰে নিজৰ একোচা দীঘল কলা ঘন চুলি। পাছে বহুতে বহু চেষ্টা কৰিয়ো একোচা মন পছন্দৰ চুলি লাভ নকৰে। ইয়াৰ বাবে বহু ঘৰুৱা উপায়ো অৱলম্বন কৰে। পাছে সফল হব নোৱাৰে। পাছে কেতিয়াবা কিছুমান সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে চুলিত লগোৱা সলনি খাদ্য হিচাপে গ্ৰহণ কৰিলেহে সুফল পোৱা যায়।
কণী- চুলিৰ পৰ্যাপ্ত প্ৰটিনৰ বাবে কণী খাব পাৰে। প্ৰটিনেৰে ভৰপুৰ কণীক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি চুলিৰ সমস্যাৰ পৰা ৰেহাই পাব পাৰে। এইদৰে কণী খালে চুলিৰ লগতে স্বাস্থ্যতো বহু উপকাৰী।
পালেং শাক- চুলিৰ বাবে পালেং শাক খোৱাটো বহু উপকাৰী। কিয়নো পালেং শাকত বহু পৰিমাণে আইৰণ পোৱা যায়। শৰীৰত আয়ৰণৰ মাত্ৰা কম হলে চুলি সৰিবলৈ ধৰে। সেয়ে আপুনি খাদ্য তালিকাত আয়ৰণৰ বাবে পালেং শাক অন্তৰ্ভুক্ত কৰিব পাৰে।
শুকান ফল- চুলিৰ সুস্থতাৰ বাবে খাদ্য তালিকাত ওমেগা৩ অন্তৰ্ভুক্ত কৰিব পাৰে। শুকান ফল যেনে বাদাম, আখৰোট আদি, ইয়াত ওমেগা৩ আৰু ফেটি এছিড প্ৰচুৰ পৰিমাণে পোৱা যায়।
টেঙা ফল- টেঙা ফলত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায়। যি চুলি-স্বাস্থ্য সকলোৰে বাবে অতিকে ভাল। ই চুলিৰ শ্ৰীবৃদ্ধিতো বহু সহায়ক।
গাজৰ- ভিটামিন ও সমৃদ্ধ গাজৰ চুলিৰ শ্ৰীবৃদ্ধিৰ বাবে বহু উপকাৰী। ই চুলিৰ নেচাৰেল চিবাম তৈয়াৰ কৰাত সহায় কৰে। লগতে চুলিৰ গুৰি শক্তিশালি কৰি ৰাখে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ