ইউৰিক এচিডৰ সমস্যা নেকি! অতি সহজে এইদৰে ঘিউ সেৱন কৰি ঘৰতে কৰক হ্ৰাস
আজিকালি বহু লোকৰো বহু ধৰণৰ সমস্যা থাকে। শাৰিৰীক সমস্যাৰ বাবে বহু ক্ষেত্ৰতে মানসিকভাৱেও ভাগি পৰে বহু লোক। তাতে আৰু আজিকালি প্ৰায় বহু লোকৰে ক্ষেত্ৰত থাইৰয়ড, ইউৰিক এচিড, ডাইবেটিচ আদি ৰোগ হোৱা দেখা যায়।
ইউৰিক এচিড বৃদ্ধিৰ বাবে গাঁঠিৰ বিষ হোৱা সমস্যা আজিকালি সাধাৰণ সমস্যাত পৰিণত হৈছে। শৰীৰৰ গাঁঠিবোৰত ইউৰিক এচিড বৃদ্ধি পোৱাৰ বাবে তীব্ৰ বিষৰ সন্মুখীন হ’বলগীয়া হয় যাৰ বাবে দৈনন্দিন কাম-কাজতো কঠিন হৈ পৰে।
এই সমস্যাৰ চিকিৎসাৰ লগতে সঠিক ধৰণৰ খাদ্যাভ্যাস আৰু ব্যায়ামক ৰুটিনত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন। পাছে আজিকালি ওজন বৃদ্ধিৰ ভয়ত মানুহৰ খাদ্যত থকা চৰ্বিৰ পৰিমাণ বহু কমি যায়। বিশেষকৈ ঘিউ পৰিহাৰ কৰিবলৈ আৰম্ভ কৰিছে।
পাছে ঘিউ সেৱনৰ ফলত ওজন বৃদ্ধি নহয় আৰু ই গাঁঠিৰ বিষো ৰোধ কৰে বুলি বিশ্বাস কৰা হয়, লগতে বিশেষজ্ঞসকলেও একে কথাকে দাবী কৰে। ইউৰিক এচিডৰ ক্ষেত্ৰত ঘী কেনেদৰে সকাহ দিব পাৰে আৰু ইয়াক সেৱন কৰিলে কেনেদৰে উপকাৰী হয় জানক-
ঘিউ সেৱনে গাঁঠিৰ বিষৰ পৰা সকাহ দিয়ে। বিশেষজ্ঞসকলৰ মতে ঘিউত পোৱা ওমেগা ৩ ফেটি এচিডে গাঁঠিৰ বাবে লুব্ৰিকেণ্ট হিচাপে কাম কৰে। এনে পৰিস্থিতিত খাদ্যত ঘিউ অন্তৰ্ভুক্ত কৰিলে গাঁঠিৰ বিষৰ পৰা উপশম পোৱা যায়। প্ৰতিদিনে এচামুচ ঘিউ খালে গাঁঠিৰ বিষৰ পৰা উপশম পাব পাৰে।
শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধিৰ বাবে স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰ আশংকা বৃদ্ধি পায়। খাদ্যত গৰুৰ ঘিউ অন্তৰ্ভুক্ত কৰিলে পিত্তৰ লিপিডৰ নিঃসৰণ বৃদ্ধি পায়, যিয়ে কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। যিহেতু ঘিউত হাইড্ৰজেনেটেড ফেট নাথাকে, সেয়েহে ই ডায়েবেটিছ নিয়ন্ত্ৰণতো সহায় কৰে। ইয়াৰ লগতে ঘিউ হজম শক্তি উন্নত কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ