বিবাহ সম্পৰ্কে প্ৰতিটো পৰিয়াল আৰু সমাজৰ নিজস্ব চিন্তা আৰু বিশ্বাস আছে। ভাৰতৰ কথা ক’বলৈ গ’লে পিতৃ-মাতৃয়ে নিজৰ ছোৱালীজনীৰ বিয়াৰ বাবে ধন সঞ্চয় কৰিবলৈ আৰম্ভ কৰে৷ কিন্তু সময় সলনি হৈছে…, মুদ্ৰাস্ফীতি ইমানেই বাঢ়িছে যে ল’ৰা-ছোৱালী উভয়ৰে বিয়াত বহু ধন খৰচ হয়। কিন্তু এনে এখন দেশ আছে য’ত চৰকাৰে বিয়া কৰা দম্পতীক ৩১ লাখ টকা উপহাৰ দিয়ে৷
দক্ষিণ কোৰিয়াত এতিয়া জনসংখ্যাৰ সমস্যাই দেখা দিছে৷ এই সমস্যাৰ পৰা হাত সাৰিবলৈ চৰকাৰে জনসাধাৰণক ধন দিবলৈ আৰম্ভ কৰিছে। দক্ষিণ কোৰিয়াৰ চৰকাৰে দম্পতীক উৎসাহিত কৰিছে যাতে জন্মৰ হাৰ বৃদ্ধি সেই দেশত বৃদ্ধি হয়। কিছুদিন পূৰ্বে দক্ষিণ কোৰিয়াৰ বিখ্যাত চহৰ বুছানৰ ছাহাত এক অনুষ্ঠানৰ সময়ত চৰকাৰে ঘোষণা কৰা অনুসৰি, নৱবিবাহিত দম্পতীক ৩১ লাখ টকা অৰ্থাৎ ৩৮০০০ ডলাৰ দিব দক্ষিণ কোৰিয়াৰ চৰকাৰে৷
সন্তান জন্ম দিবলৈ উৎসাহিত কৰা
দক্ষিণ কোৰিয়া জনসংখ্যা সংকটৰ সন্মুখীন হৈছে। দেশৰ প্ৰতিগৰাকী মহিলাৰ প্ৰজনন ক্ষমতাৰ হাৰ ০.৭২লৈ হ্ৰাস পাইছে। জনসংখ্যা বৃদ্ধিৰ বাবে বহু নীতিৰ লগতে দম্পতীক এতিয়া চৰকাৰে ধন দান কৰি সন্তান জন্ম দিবলৈ উৎসাহিত কৰিছে। দেশৰ দম্পতীক বিয়াৰ বাবেও ধন দিছে।
জাপানেও লৈছে একেই পদক্ষেপ
কেৱল দক্ষিণ কোৰিয়াই নহয় জাপানেও জনসংখ্যা সংকটৰ সন্মুখীন হৈছে। জাপানৰ জন্মৰ হাৰে ৫০ বছৰৰ অভিলেখৰ ভংগ কৰি তললৈ নামিছে। ইয়াত জন্মৰ হাৰ বছৰি ৫০ লাখ আছিল, এতিয়া মাত্ৰ ৭ লাখ ৬০হাজাৰ৷ চৰকাৰে অনুমান কৰিছে যে ২০৩৫ চনৰ আগতেই দেশত জনসংখ্যাৰ সমস্যা দূৰ হ’ব৷ জাপানেও এতিয়া সন্তান জন্ম দিবলৈ আৰু বিয়া পাতিবলৈ উৎসাহিত কৰিছে যুৱক যুৱতীক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ