৪ ছেপ্টেম্বৰ বুধবাৰে দিল্লীত ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগাট আৰু বজৰং পুনিয়াই কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰি কংগ্ৰেছত যোগদান কৰিছে৷ সন্মুখত যিহেতু হাৰিয়ানা নিৰ্বাচন সেয়ে হাৰিয়ানা বিধানসভাৰ নিৰ্বাচনত দুয়োগৰাকীয়ে কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে বুলি ধাৰণা কৰিছে প্ৰায়সংখ্যকেই৷ সূত্ৰৰ খবৰ অনুসৰি কংগ্ৰেছে চৰখী দাদ্ৰী আসনৰ পৰা বিনেশ ফোগাটক আৰু বাদলী বিধানসভাৰ আসনৰ পৰা বজৰং পুনিয়াক প্ৰক্ষেপ কৰিব পাৰে। কাৰণ, এই দুই আসন কংগ্ৰেছৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ৷
চৰখী দাদ্ৰীৰ আসন বিশেষ কিয়?
২০১৯ চনত চৰখী দাদ্ৰী আসনৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী সোমবিৰ চাংৱান জয়ী হৈছিল। তেওঁ বিজেপিৰ ববিতা ফোগাটক পৰাস্ত কৰিছিল। কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক নৃপেন্দ্ৰ সাংৱান আৰু প্ৰাক্তন মন্ত্ৰী সাতপল সাংৱানে এই নিৰ্বাচনত বিশেষ সফলতা দেখুৱাব নোৱাৰিলে। একে সময়তে যদি সাম্প্ৰতিক পৰিস্থিতিৰ কথা কওঁ, নিৰ্দলীয় বিধায়ক সোমবীৰ চাংৱানে কংগ্ৰেছক সমৰ্থন কৰিছে৷ ইফালে মাত্ৰ দুদিন পূৰ্বে বিজেপিত যোগদান কৰিছে প্ৰাক্তন মন্ত্ৰী সাতপল চাংৱানৰ পুত্ৰ সুনীল চাংৱানে।
ইতিমধ্যে ববিতা ফ’গাটে বিজেপিৰ হৈ চাৰখী দাদ্ৰীৰ পৰা নিৰ্বাচন খেলিব পাৰে৷ কংগ্ৰেছে চৰখী দাদ্ৰীৰ পৰা সেয়ে বিনেশ ফ’গাটক প্ৰক্ষেপ কৰাৰ সম্ভাৱনাই যথেষ্ট৷ চৰখী দাদ্ৰী জিলাৰ বালালি গাঁৱত বিনেশ ফোগাটৰ ঘৰ। ১০০ গ্ৰাম ওজন বৃদ্ধিৰ বাবে শেহতীয়াকৈ তেওঁক অলিম্পিকত অযোগ্য ঘোষণা কৰা হৈছিল। যাৰ বাবে তেওঁ মল্লযুঁজৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পিছত শেহতীয়াকৈ যেতিয়া পেৰিছ অলিম্পিকৰ পৰা বিনেশ ফ’গাট উভতি আহিছিল, তেতিয়া তেওঁক বৃহৎ আদৰণি জনোৱা হয়৷ বিনেশ ফোগাটে ৰাজনীতিত প্ৰৱেশ কৰিলে খাপ পঞ্চায়তৰ পৰাও বিপুল সমৰ্থন আৰু কৃষকৰ পৰাও সমাদৰ লাভ কৰিব বুলি বিশ্বাসী কংগ্ৰেছ দল৷
বাদলীৰ আসনত কেৱল বজৰং পুনিয়া কিয়?
আনহাতে বাদলী বিধানসভাৰ আসনৰ পৰা বজৰং পুনিয়াক প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে। বৰ্তমান এই সমষ্টি কংগ্ৰেছৰ দখলত আছে৷ বিধায়ক কুলদীপ ভাটছে কংগ্ৰেছ দলৰ হৈ সেই সমষ্টিৰ বিধায়ক হৈ আছে। ২০১৯ চনৰ নিৰ্বাচনত বিজেপিৰ জ্যেষ্ঠ নেতা পি ধনখৰক ১১২৪৫টা ভোটত পৰাস্ত কৰে কংগ্ৰেছৰ কুলদ্বীপ ভাটছে ৷ ইয়াৰ পূৰ্বে ২০১৪ চনৰ নিৰ্বাচনত বিজেপিৰ অ. পি ধনখৰে কুলদীপ ভাটছক সেই সমষ্টিতেই হৰুৱাইছিল৷ কিন্তু শেহতীয়াকৈ কংগ্ৰেছৰ কুলদ্বীপ ভাটছে ডিগ্ৰীৰ চাৰ্টিফিকেট কেলেংকাৰীত সোমাই পৰিছে৷ যাৰবাবে এইবাৰ এই সমষ্টিত কংগ্ৰেছে বাদলীৰ আসনৰ পৰা বজৰং পুনিয়াক প্ৰক্ষেপ কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ