পুৱা পানী খোৱাৰ পৰা দুপৰীয়া ভাত খোৱা কিংবা নিশাৰ আহাৰ যিয়েই নাখাওক কিয় পাতত কেঁচা নিমখ লোৱাটো বহুতৰেই অভ্যাস৷ কেঁচা নিমখ নোখোৱাকৈ থাকিব নোৱাৰাটো বহুলোকৰেই স্বভাৱ৷ কিন্তু এই কামেই বিপদ মাতিছে৷ নিমখ বেছি খোৱা একেবাৰেই উচিত নহয়, বিশেষকৈ যদি কেঁচা নিমখ খাই তেন্তে কথাই নাই৷ ইয়াতেই আছে ছডিয়ামৰ ভাণ্ডাৰ৷ বেছিকৈ নিমখ খালে শৰীৰত প্ৰভাৱ পৰে৷ জানক কেঁচা নিমখ খালে শৰীৰৰ কি কি উপকাৰ হয়?
ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত থাকিব
হাই ব্লাড প্ৰেছাৰ এক ক্ৰনিক ৰোগ৷ ৰক্তচাপ বাঢ়িলে হাৰ্ট এটেক, ষ্ট্ৰোককে ধৰি একাধিক সমস্যাই দেখা দিব পাৰে৷ এই সমস্যাৰ পৰা মুক্তি পাবলৈ হ’লে কেঁচা নিমখ খোৱাৰ অভ্যাস ত্যাগ কৰক৷ নিমখত আছে ছডিয়ামৰ ভাণ্ডাৰ যিয়ে শৰীৰৰ পানী ধৰি ৰাখে৷ যাৰ ফলত ৰক্তচাপ বাঢ়ে৷ নিমখ কমকৈ খালে এই সমস্যা দূৰ হয়৷
ষ্ট্ৰোক
মস্তিষ্কৰ জটিল অসুখ হৈছে ষ্ট্ৰোক৷ এই ৰোগত এবাৰ আক্ৰান্ত হ’লে প্ৰাণলৈ সংশয়ো আহে৷ বহুতৰে প্ৰাণ বাচি গ’লেও পেৰালাইচিছ হৈ যায়৷ সেয়ে পূৰ্বেই সতৰ্ক হওক৷ প্ৰতিদিনেই অলপ অলপকৈ নিমখ খোৱা কমালেই অনায়াসে এই ৰোগৰ পৰা দূৰত থাকিব পাৰিব৷
কিডনীৰ স্বাস্থ্য
আমাৰ শৰীৰৰ পৰা ক্ষতিকৰ সকলো উপাদানক বাহিৰ কৰি দিয়ে কিডনীয়ে৷ ইয়াৰোপৰি বিভিন্ন হৰমণৰ তৈয়াৰ আৰু ৰক্তচাপ নিয়ন্ত্ৰণসহ একাধিক কাম কৰে এই অংগই৷ নিমখ বেছিকৈ খালে কিডনিয়ে অতিৰিক্ত পৰিশ্ৰম কৰিব লাগে৷ যাৰ পৰা হ’ব পাৰে ক্ৰনিক কিডনি ডিজিজ৷ সেয়ে নিমখ কমাই খাওক৷
ষ্ট’মাক কেঞ্চাৰ
অত্যধিক নিমখ খালে পাকস্থলীৰ লাইনিঙৰ ক্ষতি হ’ব পাৰে৷ ফলত হ’ব পাৰে ষ্টমাক আলছাৰ৷ প্ৰতিদিনে অত্যধিক পৰিমানে নিমখ খালে ষ্টমাক কৰ্কটৰ দৰে ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে৷ সেয়ে কেঁচা নিমখ খোৱাটো ত্যাগ কৰক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ