লেবাননৰ গ্ৰাউণ্ড অপাৰেছনত তেওঁলোকৰ ৮সৈন্যৰ মৃত্যু হোৱাৰ খবৰ প্ৰকাশ কৰিছে ইজৰাইলে৷ উল্লেখ্য যে গাজা আক্ৰমণৰ বৰ্ষপূৰ্তিৰ ঠিক আগতেই লেবাননত অভিযান আৰম্ভ কৰিছিল ইজৰাইলি সেনাই৷ সেই অভিযানত এই প্রথম তেওঁলোকৰ সেনাবাহিনীত প্ৰাণহানী হৈছে বুলি দাবী কৰিছে ইজৰাইলে৷ তেওঁলোকৰ বিশেষ ৱেবচাইটত ইজৰাইলী সেনাৰ তৰফৰ পৰা জনোৱা হৈছে যে বুধবাৰে তেওঁলোকৰ ২২ বছৰ বসয়ীয়া কেপ্টেইন এইতান ইতঝাক ওষ্টাৰে প্ৰথমে প্ৰাণ হেৰুৱাইছে৷ তাৰপাছতেই মৃত্যু হৈছে আৰু ৭গৰাকী সেনাৰ৷ হিজবুল্লাহৰ তৰফৰ পৰা দাবী কৰা হৈছে যে লেবাননৰ দক্ষিণ সীমান্তৰ এখন গাঁৱত অনুপ্ৰৱেশ কৰাৰ চেষ্টা কৰোতেই ইজৰাইলী বাহিনীক বাধা দিওতে সৈন্যৰ মৃত্যু হৈছে৷
পশ্চিম এছিয়াত এতিয়া বাজিয়ে আছে যুদ্ধৰ দামামা৷ আত্মৰক্ষাৰ অধিকাৰৰ নামত এখনৰ পাছত এখন দেশত আক্ৰমণ চলাইছে ইজৰাইলে৷ বিগত কেইবাদিন ধৰি লেবাননৰ আকাশপথত আক্ৰমণ চলাইছিল ইজৰাইলী সেনাবাহিনীয়ে৷ সেই দেশৰ সীমান্তবৰ্তী গাওঁসমূহ অধিকাৰ কৰি লোৱাৰ লক্ষ্যৰে অভিযান চলাইছে ইজৰাইলে৷ ইয়াৰোপৰি চলিছে আকাশপথেৰে আক্ৰমণ৷ বিশ্বজুৰি নিন্দা তীব্ৰ হোৱাৰ পাছতো ইজৰাইলৰ ধমকি আৰু আক্ৰমণৰ তীব্ৰতা আৰু বাঢ়িব৷
অন্যহাতে ইজৰাইলৰ আক্ৰমণৰ ওলোটা জবাবত মঙলবাৰৰ পৰাই ক্ষেপণাস্ত্ৰ এৰিবলৈ আৰম্ভ কৰিছে ইৰানে৷ এটাৰ পাছত আনটো ক্ষেপণাস্ত্ৰ আহি পৰিছে ইজৰাইলৰ ভূখণ্ডত৷ ইৰানৰ সেনাবাহিনীৰ দাবী, ইজৰাইলে ইয়াৰ মাজতেই ২০০ টা ক্ষেপণাস্ত্ৰ এৰিছে৷ এই আক্ৰমণৰ পাছত ইৰানক ধমকি দিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে৷ তেওঁলোকৰ স্পষ্ট ধমকি, ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ফল ভূগিব লাগিব ইৰানে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















