• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমগ্ৰ অসমবাসীৰ বাবে ঐতিহাসিক ক্ষণ, অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা, ধ্ৰুপদী ভাষা মানে কি !

সমগ্ৰ অসমবাসীৰ বাবে ঐতিহাসিক ক্ষণ, অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা, ধ্ৰুপদী ভাষা মানে কি !

1 year ago
হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?

হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?

4 hours ago
এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

5 hours ago
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

7 hours ago
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

7 hours ago
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

8 hours ago
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

10 hours ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

10 hours ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

11 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

11 hours ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

12 hours ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

1 day ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সমগ্ৰ অসমবাসীৰ বাবে ঐতিহাসিক ক্ষণ, অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা, ধ্ৰুপদী ভাষা মানে কি !

editor by editor
October 4, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
সমগ্ৰ অসমবাসীৰ বাবে ঐতিহাসিক ক্ষণ, অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা, ধ্ৰুপদী ভাষা মানে কি !
0
SHARES
638
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমগ্ৰ অসমবাসীৰ বাবে ঐতিহাসিক ক্ষণ, অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা, ধ্ৰুপদী ভাষা মানে কি !

কেন্দ্ৰীয় কেবিনেটে ৩ অক্টোবৰ বৃহস্পতিবাৰে এক ঐতিহাসিক ঘোষণা কৰে। অসমীয়া, বাংলা, মাৰাঠী, পালি আৰু প্ৰাকৃতক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ অনুমোদন প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

২০০৪ চনৰ ১২ অক্টোবৰত তামিল ভাষাক ধ্ৰুপদী ভাষা হিচাপে ঘোষণা কৰাৰ সময়ত প্ৰথমবাৰৰ বাবে ধ্ৰুপদী ভাষাৰ শ্ৰেণীটো সৃষ্টি কৰা হৈছিল। পৰৱৰ্তী সময়ত সংস্কৃত, তেলেগু, কানাড়া, মালয়ালম আৰু ওড়িয়া ভাষা এই তালিকাত সংযোজন কৰা হৈছিল। X হেণ্ডেলত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আমাৰ চৰকাৰে ভাৰতৰ চহকী ইতিহাস আৰু সংস্কৃতিক লালন-পালন কৰে আৰু উদযাপন কৰে।”

‘আঞ্চলিক ভাষাসমূহ জনপ্ৰিয় কৰি তোলাৰ প্ৰতিও আমি অটল দায়বদ্ধতা আগবঢ়াই আহিছো। অসমীয়া, বাংলা, মাৰাঠী, পালি আৰু প্ৰাকৃতক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হ’ব বুলি মন্ত্ৰীসভাই সিদ্ধান্ত লোৱাত মই অত্যন্ত আনন্দিত।’

চৰকাৰৰ এক বিবৃতিত ভাৰতৰ গভীৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত ধ্ৰুপদী ভাষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়, লক্ষ্য কৰা হয় যে ইয়াত প্ৰতিটো সম্প্ৰদায়ৰ ঐতিহাসিক আৰু সাংস্কৃতিক কৃতিত্বৰ সাৰমৰ্ম সন্নিবিষ্ট কৰা হৈছে।

এই সিদ্ধান্তক আদৰণি জনাইছে কেইবাজনো ৰাজনীতিবিদে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে, মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনৱীছ আৰু কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই পদক্ষেপক প্ৰশংসা কৰে।

এই ভাল খবৰটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সোণোৱালে লিখিছে, ‘‘প্ৰতিগৰাকী অসমীয়াৰ বাবে এক ঐতিহাসিক ক্ষণ! শ শ বছৰৰ ঐতিহ্যৰে পৰিপূৰ্ণ স্বকীয় অসমীয়া ভাষালৈ আজিৰ কেন্দ্ৰীয় কেবিনেটত ধ্ৰুপদী ভাষা (Classical Language)ৰ মৰ্যাদা প্ৰদানত অনুমোদন।’’

প্ৰধানমন্ত্ৰী মোডীয়ে লিখে- কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন পোৱাৰ পিছত অসমীয়াই এতিয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাত মই অতিশয় আনন্দিত হৈছোঁ। অসমীয়া সংস্কৃতিয়ে যুগ যুগ ধৰি উজ্বলি উঠিছে আৰু আমাক এক চহকী সাহিত্যিক পৰম্পৰা প্ৰদান কৰিছে। আগন্তুক সময়ত এই ভাষা আৰু অধিক জনপ্ৰিয় হৈ পৰক। সকলোকে মই অভিনন্দন জনালোঁ।

অমিত শ্বাহেও লিখে- সাহিত্যৰ এক স্পন্দনশীল কাঠামো আৰু অফুৰন্ত শব্দৰ ভঁৰালেৰে সমৃদ্ধ অসমীয়া ভাষা ইয়াৰ স্থিতিস্থাপকতাৰ বাবে বিখ্যাত। আজি অসমীয়া ভাষাটিক ধ্রুপদী ভাষা হিচাপে সন্মান জনোৱাৰ প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সিদ্ধান্তত আমাৰ অসমীয়া ভাতৃ-ভগ্নীসকললৈ মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ।

কেন্দ্ৰই অসমীয়াক এই মৰ্যাদা প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাই প্ৰধানমন্ত্ৰী মোডীক কৃতজ্ঞতা জ্ঞাপন কৰে। তেখেতে লিখে- নৱৰাত্ৰিৰ প্ৰতিপদ তিথিৰ এই মাংগলিক দিনটোত ‘অসমীয়া ভাষা’টোক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে আপোনাৰ লগতে কেন্দ্ৰীয় কেবিনেটলৈ অসমবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷ এই বিৰল স্বীকৃতিয়ে প্ৰতিগৰাকী অসমীয়াক ধন্য কৰিছে৷ অসমীয়া ভাষা আৰু অসমীয়া সংস্কৃতিৰ বিষয়ে আপুনি কোৱা এই কথাখিনিয়ে আমাক সমৃদ্ধ কৰিলে৷

ধ্ৰুপদী ভাষা কি-
২০০৪ চনত ভাৰত চৰকাৰে ঘোষণা কৰে যে কিছুমান কঠোৰ মানদণ্ড পূৰণ কৰা ভাষাসমূহক ভাৰতৰ “ধ্ৰুপদী ভাষা” হিচাপে স্বীকৃতি দিয়া হ’ব। ইয়াক সাংস্কৃতিক মন্ত্ৰালয়ে ভাষা বিশেষজ্ঞ সমিতিৰ সৈতে প্ৰতিষ্ঠা কৰিছিল। এই সমিতিখন ভাৰত চৰকাৰৰ দ্বাৰা গঠন কৰা হৈছিল যাতে পৰম্পৰাগত ভাষাসমূহক শ্ৰেণীবিভাজনৰ দাবীসমূহ বিবেচনা কৰিব পৰা যায়। “উচ্চ মানদণ্ডৰ লিখনি তথা প্ৰামাণিক ইতিহাস, যি অতি কমেও ১৫০০ ৰ পৰা ২০০০ বছৰ পুৰণি; প্ৰাচীন সাহিত্য তথা লিখনিৰ সমল যাক বহু প্ৰজন্মই বছৰ বছৰ ধৰি ঐতিহ্য হিচাপে গণ্য কৰি আহিছে; লিখন সাহিত্যৰ ইতিহাস, যি সম্পুৰ্ণ নিজা আৰু কাৰোপৰা ধাৰ কৰা বা আমদানি কৰা নহয়; প্ৰাচীন ৰূপটো আৰু সাহিত্যখিনি বৰ্তমানৰ আধুনিক ৰূপতকৈ বেলেগ/পৃথক, তাৰোপৰি সম্ভৱতঃ ইয়াৰ প্ৰাচীন ৰূপটো আৰু ইয়াৰ বৰ্তমানৰ আধুনিক ৰূপ তথা অপভ্ৰংশ/উপভাষা আদিৰ মাজত ধাৰাবাহিকতাৰ বিচ্ছিন্নতা।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassameseassamese languagedhrupadi language
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
অসম

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

December 16, 2025
Next Post
দৈনিক ৰাশিফল- দেৱীপক্ষ আৰম্ভ, সৌভাগ্যভৰা হ’ব ৭ ৰাশিৰ জীৱন

দৈনিক ৰাশিফল- দেৱীপক্ষ আৰম্ভ, সৌভাগ্যভৰা হ'ব ৭ ৰাশিৰ জীৱন

হিজবুল্লাহৰ নতুন মুৰব্বীকো নিধন, হাছান নছৰল্লাহৰ নিহতৰ পাছত মাথো কেইদিনমান পূৰ্বে নেতা হৈছিল ছাইফুদ্দিন

হিজবুল্লাহৰ নতুন মুৰব্বীকো নিধন, হাছান নছৰল্লাহৰ নিহতৰ পাছত মাথো কেইদিনমান পূৰ্বে নেতা হৈছিল ছাইফুদ্দিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.