গুৱাহাটী বাসীলৈ দীপাৱলীৰ উপহাৰ! সুৰক্ষিত হৈ থাকিব দীঘলী পুখুৰীৰ গছ- মুখ্যমন্ত্ৰীৰ অভয়বাণী
এক খবৰে সমগ্ৰ গুৱাহাটী বাসীকে চিন্তাত পেলাইছিল। ঐতিহাসিক তথা ইতিহাস বিজৰিত দীঘলী পুখুৰীৰ পাৰৰ কথাই সকলোকে চিন্তাত পেলাইছিল। উৰণীয়া সেঁতু নিৰ্মাণৰ নামত দীঘলী পুখুৰীৰ পাৰৰ গছ কটা যাব বুলি খবৰ ওলোৱাৰ পাছৰে পৰা চিন্তাত আছিল প্ৰকৃতি প্ৰেমী তথা সকলো গুৱাহাটীবাসী।
যাৰ বাবে সেই গছ ৰক্ষাৰ নামত ওলাই আহিছিল বহু লোক। প্ৰতিবাদেৰে মুখৰ হৈ উঠিছিল দীঘলী পুখুৰী পাৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে মাত মাতিবলৈ ওলাই আহিছিল ডেকাৰ পৰা বুঢ়ালৈ সকলো।
সেই সকলো লোকৰে প্ৰতিবাদৰ অৱশেষত দাবী মানি ল’লে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। দীপাৱলীৰ ঠিক এদিন পূৰ্বে দীপাৱলীৰ উপহাৰ হিচাপে গুৱাহাটী বাসীৰ মনলৈ আনিছে আনন্দ। কিয়নো দীঘলী পুখুৰীৰৰ পাৰৰ এডালো গছ কটা নহয় বুলি অভয়বাণী মুখ্যমন্ত্ৰীৰ।
ইয়াৰ সলনি নুনমাটিৰ পৰা দীঘলী পুখুৰীলা নিৰ্মাণ হব লগা উৰণীয়া সেঁতু খনৰ নিৰ্মাণৰ বাবে বিকল্প ব্যৱস্থা লবলৈ নিৰ্মাণকাৰীবিভাগক কোৱা হব বুলিও আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে।
উল্লেখ্য যে, দীঘলীপুখুৰীৰ দুয়োকাষৰ মহম্মদ তৈয়বুল্লাহ পথ আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ সন্মূখৰ পথৰ প্ৰায় ২৫ ডাল গছ কটাৰ বাবে চিহ্নিত কৰি হালধীয়া ৰঙৰ পূৰণ চিহ্ন আকি দিছিল গছ বোৰত। তাৰে ভিতৰত প্ৰায় দুশ বছৰীয়া গছো আছে বুলি অভিযোগ উত্থাপিত হৈছিল। এই খবৰৰ পাছতে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ