একলগে মোটা টকা বিনিয়োগ কৰিলে সোণত সোৱগা৷ দুহাত ভৰি ৰিটাৰ্ণ পোৱা যাব৷ প্রথম দিনাই পাব কমপাউণ্ডিঙৰ সুবিধা৷ কিন্তু সকলো সময়তে হাতত টকা নাথাকে৷ এছ আই পিৰ মাধ্যমেৰেও মোটা টকা ৰিটাৰ্ণ পোৱা সম্ভৱ৷ আৰ্থিক বিশেষজ্ঞই কৈছে, চাকৰি পোৱাৰ সৈতে বিনিয়োগো আৰম্ভ কৰিব লাগে৷ একেবাৰে প্ৰথম দৰমহাৰ পৰাই৷ কাৰণ তেতিয়া সময় বেছিকৈ পোৱা যায়৷ ফলত অলপ বিনিয়োগ কৰিলেও কমপাউণ্ডিঙৰ কাৰণে ৰিটাৰ্ণ বেছিকৈ পোৱা যায়৷ ইয়াৰোপৰি বজাৰৰ সৈতে যুক্ত হোৱা মিউছুৱেল ফাণ্ড এছ আই পিত কিছু ভয়ো থাকে৷ বজাৰৰ উঠা নমাৰ ফলত লোকচানৰ মুখতো পৰিব পাৰে৷ কিন্তু দীৰ্ঘম্যাদি বিনিয়োগত এই ভয় নাথাকে৷
ধৰা হ’ল কোনো ব্যক্তিয়ে ৩৫ হাজাৰ টকা দৰমহা পায়৷ বিয়া, অৱসৰসহ নানান আৰ্থিক লক্ষ্য আছে৷ এতিয়া প্ৰশ্ন হৈছে, এছ আই পিত তেওঁ কিমান টকা বিনিয়োগ কৰিলে কোটি টকা গোটাব পাৰিব? এয়া বোজাৰ এটা সহজ ফৰ্মূলা আছে৷ আৰ্থিক বিশেষজ্ঞই ইয়াৰ নাম দিছে ৫০:৩০:২০ ৰুল৷
৫০:৩০:২০ ৰুল কি?
৫০:৩০:২০ ৰুলত মুঠ দৰমহাক তিনি ভাগত ভাগ কৰা হৈছে৷ ৫০শতাংশ, ৩০শতাংশ আৰু ২০শতাংশ৷ দৰমহাৰ ৫০শতাংশ টকা খৰচ হ’ব জৰুৰী প্ৰয়োজনত৷ অৰ্থাৎ ঘৰ ভাড়া, মাহিলী খৰচ, সন্তানৰ শিক্ষা ইত্যাদি৷ ৩০শতাংশ চাহিদাৰ বাবে৷ চখ পুৰণৰ বাবে এই টকা খৰচ কৰা হৈছে৷ যেনেকৈ চিনেমা চোৱা, ৰেস্তোৰাত খোৱা ইত্যাদি৷ আৰু বাকী ২০শতাংশ টকা বিনিয়োগ কৰিব লাগে৷
৩৫ হাজাৰ টকাৰ ২০শতাংশ হয় ৭ হাজাৰ টকা৷ অৰ্থাৎ যাৰ ৩৫ হাজাৰ টকা দৰমহা তেওঁ প্ৰতিমাহে ৭ হাজাৰ টকা এছ আই পি কৰিব পাৰে৷ ধৰা হ’ল তেওঁ ৩০বছৰত চাকৰি পাইছে৷ ৬০ বছৰ বয়সত অৱসৰ ল’ব৷ তেন্তে তেওঁ ৩০ বছৰ বিনিয়োগৰ বাবে সময় পাব৷ ৩০ বছৰৰ পাছত তেওঁ কিমান টকা ৰিটাৰ্ণ পাব?
এছ আই পি কেলকুলেটৰৰ পৰা খুব সহজেই এই হিঁচাপ উলিয়াব পাৰি৷ আৰ্থিক বিশেষজ্ঞই কয়, মিউচুৱেল ফাণ্ডত দীৰ্ঘম্যাদী ১২ শতাংশ হাৰত ৰিটাৰ্ণ পোৱা যায়৷ ৭ হাজাৰ টকা মাহিলী বিনিয়োগ কৰিলে ৩০ বছৰত মুঠ বিনিয়োগৰ পৰিমাণ ২৫,২০,০০০ টকা৷ ১২ শতাংশ ৰিটাৰ্ণৰ হাৰ ধৰিলে সুদৰ পৰা আয় হ’ব ২,২১,৮৯,৩৯৬ টকা৷ সুদ আৰু প্ৰকৃত মিলি তেওঁৰ মুঠ ২,৪৭,০৯,৩৯৬ টকা পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















