জামিনৰ পাছতো ২ মাহলৈ নিয়মিত থানাত গৈ থাকিব লাগিব আল্লু অৰ্জুন, পাছে কিয় ?
আল্লু অৰ্জুনৰ পুষ্পা২ য়ে বিশ্বজুৰি অভিলেখ ভংগকাৰী উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। কিন্তু ২০২৪ চনৰ ৪ ডিচেম্বৰত ছবিখনৰ প্ৰিমিয়াৰৰ সময়ত চিনেমাখনৰ অভিনেতাৰ ওপৰত লাগে চেকা। ৪ ডিচেম্বৰৰ সন্ধিয়া থিয়েটাৰত এক দুৰ্ঘটনা সংঘটিত হয়, য’ত এগৰাকী ৩৫ বছৰীয়া মহিলাৰ মৃত্যু হয়।
পদপিষ্ট হোৱাৰ ফলত মহিলাৰ মৃত্যুৰ ক্ষেত্ৰত পুষ্পা ২ অভিনেতাই জেলত যোৱাৰ লগতে এতিয়া সঘনাই থানা আৰু আদালতত গৈ থাকিবলগীয়া হৈছে। আনকি আজি দেওবাৰেও আদালতৰ পৰা নিয়মীয়া জামিন লাভ কৰাৰ পিছত অভিনেতাগৰাকীয়ে থানাত হাজিৰ হয়।
৩ জানুৱাৰীত হায়দৰাবাদৰ নামপল্লী আদালতে আল্লু অৰ্জুনক ডাঙৰ সকাহ দিছিল। আদালতে কিছুমান চৰ্তত নিয়মীয়া জামিন প্ৰদান কৰিছিল অভিনেতাগৰাকীক। অৱশ্যে একেৰাহে দুমাহৰ বাবে প্ৰতি দেওবাৰে আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেতাগৰাকী।
দেওবাৰে জামিনৰ চৰ্তত আল্লু অৰ্জুন থানাত হাজিৰ হয়। পুষ্পা ২ৰ প্ৰিমিয়াৰৰ সময়ত মহিলাগৰাকীৰ মৃত্যু হোৱাৰ লগতে পুত্ৰ আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এক সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি অভিনেতাগৰাকীয়ে ভুক্তভোগী পৰিয়ালৰ সন্তানক চাবলৈ যোৱাৰ পৰিকল্পনাও বাতিল কৰে, কিয়নো তেওঁ আজি থানাত উপস্থিত হ’বলগীয়া হয়।
অৱশ্যে ই এক আদালতৰ কাৰ্য্যবিধিৰ সৈতে জড়িত আনুষ্ঠানিকতা। আদালতৰ নিৰ্দেশ অনুযায়ী অভিনেতাগৰাকীয়ে প্ৰতি দেওবাৰে দুমাহ বা অভিযোগনামা দাখিল নোহোৱালৈকে থানালৈ গৈ থাকিব লাগিব। প্ৰতি দেওবাৰে পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজাৰ ভিতৰত চিক্কাডপল্লী থানাৰ এছ এইচ অ’ৰ সন্মুখত হাজিৰ হ’ব লাগিব আল্লু অৰ্জুন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















