সাৱধান, ভাৰতত প্ৰৱেশ HMPV ভাইৰাছ, ৮ মহীয়া শিশুৰ দেহত ধৰা পৰিল ৰোগ
নতুনকৈ বিশ্ববাসীক সংকিত কৰি তোলা HMPV ভাইৰাছৰ ভাৰতত প্ৰৱেশ। যি ভাইৰাছে ইতিমধ্যে চীনত হাই এলাৰ্ট জাৰি কৰিবলৈ বাধ্য হৈছে সেই ভাইৰাছে দেখা দিলে ভাৰতত।
চীনত বিধ্বংসী ৰূপ ধাৰণ কৰা এইচ এম পি ভি (HMPV) ভাইৰাছৰ প্ৰথমটো ৰোগী ভাৰতত পোৱা গৈছে, এটিা ৮ মহীয়া শিশু আক্ৰান্ত ধৰা পৰিছে এই ৰোগত।
এই ভাইৰাছৰ প্ৰথমটো ঘটনা বেংগালুৰুত ধৰা পৰিছে। তথ্য অনুসৰি ইয়াৰ দ্বাৰা সংক্ৰমিত হৈছে এটি আঠ মহীয়া কন্যা শিশু। এই গোচৰটো মহানগৰীৰ বেপ্টিষ্ট হাস্পতালত পঞ্জীয়ন কৰা হৈছে।
চিকিৎসালয়খনৰ পৰীক্ষাগাৰত কৰা পৰীক্ষাত এইচ এম পি ভি ভাইৰাছ ধৰা পৰিছে। কৰ্ণাটক স্বাস্থ্য বিভাগে এই তথ্য কেন্দ্ৰীয় চৰকাৰক দিছে।
হিউমেন মেটা নিউমো ভাইৰাছ, যাক HMPV ভাইৰাছ বুলিও কোৱা হয়, এবিধ সাধাৰণ শ্বাস-প্ৰশ্বাসজনিত ভাইৰাছ। যিটো সকলো বয়সৰ লোকলৈ বিয়পিব পাৰে। এই ভাইৰাছে বৃদ্ধ আৰু সৰু ল’ৰা-ছোৱালীৰ ওপৰত অধিক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। যদি আপুনি এই ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ আহে তেন্তে আপুনিও এই ভাইৰাছত আক্ৰান্ত হ’ব পাৰে। ইয়াৰ কিছু লক্ষণ দেখা যায়। যেনে পানী লগা, ডিঙিৰ বিষ, মূৰৰ বিষ, ভাগৰুৱা, কাহ, জ্বৰ বা ঠাণ্ডা অনুভৱ কৰা।
এই লক্ষণসমূহ ভৱিষ্যতে এক বৃহৎ অসুবিধাৰ কাৰণ হ’ব পাৰে। হাওঁফাওঁ আক্ৰান্ত হব পাৰে। উশাহ-নিশাহ লোৱাত অসুবিধা হব পাৰে, হাঁপানী সম্পৰ্কীয় সমস্যা বাঢ়িব পাৰে, ভাগৰ বৃদ্ধি পোৱা, শিশুৰ বুকুৰ সংক্ৰমণ আদি প্ৰধান বুলি ধাৰণা কৰা হৈছে।
ইয়াৰ পৰা বাচি থাকিবলৈ যিকোনো আক্ৰান্ত ব্যক্তিৰ পৰা আঁতৰি থকা বা মাস্ক ব্যৱহাৰ কৰাটো ভাল। নিয়মিতভাৱে চাবোনেৰে হাত ধুব লাগে। হাঁচি বা কাহ মাৰি থাকোঁতে মুখখন ঢাকি ৰাখিব লাগে। হাত চেনিটাইজ কৰিব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ