ভোগালী বিহুৰ পহিলা দিনটোতে গুৱাহাটীত ৪বন্ধুৰ হাতত প্ৰাণ হেৰুৱালে বন্ধুৱে
বন্ধুৰ সৈতে পাৰ্টি কৰোতে সাৱধান! কিয়নো পাৰ্টি কৰি উঠি বন্ধুৱে প্ৰাণ ল’লে বন্ধুৰ। গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এই ঘটনা। ৪ বন্ধুৰ হাততে প্ৰাণ গ’ল এজন বন্ধুৰ।
মাঘ বিহুৰ আনন্দৰ উল্লাহৰ মাজতে পহিলা দিনটোতে অৰ্থাৎ ১৪ জানুৱাৰীৰ দিনা মহানগৰীত নৃশংস ঘটনা। গুৱাহাটীৰ কাহিলীপাৰাত পোষ্ট অফিচৰ সমীপত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড।
ঘৰৰ ওচৰৰে ৪বন্ধুৱে প্ৰাণ ল’লে আকাশ চৌধুৰী নামৰ যুৱকৰ। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, ৫ বন্ধুৱে মিলি ভোগালী বিহু বুলি পাৰ্টি কৰি আছিল। কিন্তু তাৰে মাজতে কথাৰ কটা-কটি হৈ প্ৰথমে তৰ্ক-বিতৰ্ক, কাজিয়া তাৰপিছতে মাৰপিট আৰু অৱশেষত হত্যাকাণ্ড।
৪ বন্ধুৱে মিলি হত্যা কৰে আকাশক। আনকি হত্যাকাণ্ডক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ বাবে ট্ৰাকৰ সন্মুখত পেলাই দিয়ে আকাশ চৌধুৰীৰ নিথৰ দেহ।
অত্যাধিক সুৰাপান কৰি আছিল কেউজন বন্ধুৱে। কিন্তু অৱশেষত সকলো ধৰা পৰে আৰক্ষীৰ হাতত। আৰক্ষীৰ জালত হত্যাকাৰী বনজিত ৰাজবংশী, দেৱব্ৰত মল্লিক, তপন বুঢ়াগোহাঁই আৰু জিয়াৰুল আলী।
কালি নিশা প্ৰায় ৯মান বজাত সংঘটিত হয় এই জঘন্য নৃশংস ঘটনা। উল্লেখ্য যে, ৰেপিড’ চলোৱাৰ লগতে শ্বপিং মলত কাম কৰিছিল নিহত আকাশ চৌধুৰীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















