আমেৰিকাৰ পৰা বুধবাৰে সেনাৰ বিশেষ বিমানেৰে প্ৰথম দফাত পঠিওৱা হৈছে ১০৪ গৰাকী অবৈধ ভাৰতীয়ক৷ বুধবাৰে বিয়লি পঞ্জাৱৰ অমৃতসৰত অবৈধভাৱে আমেৰিকাত থকা ভাৰতীয় লোকক নমাই থৈ গৈছে চি-১৭ বিমানে৷ সেই অবৈধ নাগৰিকৰ মাজত ৩৩ গৰাকীয়েই প্ৰধানমন্ত্ৰী মোদী ৰাজ্যৰ গুজৰাটৰ বাসিন্দা৷ কিন্তু তেওঁলোকে যে আমেৰিকাত অবৈধভাৱে বাস কৰি আছিল সেই কথা নাজানে তেওঁলোকৰেই পৰিয়ালৰ লোকে৷ এই দাবী আমেৰিকাফেৰত অবৈধবাসীৰ অধিকাংশৰ পৰিয়ালৰে৷ গুজৰাটৰ পৰা যোৱা অবৈধ আমেৰিকাবাসীৰ তালিকাত আছে নিকিটা পেটেল নামৰ এগৰাকী মহিলা৷ তেওঁৰ ঘৰ মেহছানাত৷ নিকিতাৰ পিতৃ কাণুভাই পেটেলে ইণ্ডিয়া টুডেৰ ওচৰত দাবী কৰিছে যে তেওঁলোকৰ কন্যাই ঘৰত কৈছিল যে তেওঁ ইউৰোপলৈ গৈছে৷ কিন্তু আমেৰিকাত থকা আৰম্ভ কৰাৰ কথা পৰিয়ালক জনোৱা নাছিল৷
কানুভাইয়ে India TVৰ আগত কয়, ‘আমি প্ৰথমে খবৰটো জানি চমকি উঠিছিলো৷ আমাৰ কন্যাক আমেৰিকাত গ্ৰেপ্তাৰ কৰা হৈছে৷ তাকো অবৈধভাৱে থকাৰ বাবে৷’ কানুভাইৰ দাবী যে বহুবাৰ তেওঁ কন্যাৰ সৈতে কথা পাতিছে কিন্তু তাই আমেৰিকাত থকাৰ কথা পিতৃক কাহানিও কোৱা নাছিল৷ সংবাদমাধ্যমৰ পৰাহে পিতৃয়ে জানিব পাৰিছে তেওঁ কন্যাক গ্ৰেপ্তাৰ কৰি ভাৰতলৈ পঠিয়াই দিয়া হৈছে৷
নিকিতাই বিজ্ঞান বিভাগত স্নাতকোত্তৰ কৰাৰ পাছত ইয়াত চাকৰি নাপায় ইউৰোপলৈ যোৱাৰ সিদ্ধান্ত লৈছিল৷ দুই বন্ধুৰ সৈতে কেইমাহমান পূৰ্বে বিদেশলৈ উৰা মাৰিছিল নিকিতা৷ তাৰপিছতেই আমেৰিকাত নতুন প্ৰেছিডেণ্ট হ’ল ড’নাল্ড ট্ৰাম্প৷ ড’নাল্ড ট্ৰাম্প ক্ষমতালৈ আহিয়েই অবৈধ বিদেশীক আমেৰিকা ত্যাগ কৰিবলৈ ঘোষণা কৰে৷ ঘোষণাৰ কিছুদিন পাছতেই আৰম্ভ হয় গ্ৰেপ্তাৰো৷ প্ৰথম দফাতেই ১০৪গৰাকী ভাৰতীয়ৰ সৈতে গ্ৰেপ্তাৰ হয় নিকিতাও৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















