আগন্তুক সোমবাৰ ১০ ফেব্ৰুৱাৰীৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে সেই সপ্তাহত মীন ৰাশিত মালব্য ৰাজযোগ গঠিত হ’ব৷ বৰ্তমান মীন ৰাশিত অৱস্থান কৰিছে শুক্ৰই৷ এই ৰাশিতে শক্তিশালী অৱস্থানত আছে দৈত্যাচাৰ্য শুক্ৰ৷ শুক্ৰৰ এই শক্তিশালী অৱস্থানৰ ফলত গঠিত হৈছে মালব্য ৰাজযোগ৷ এই ৰাজযোগৰ প্ৰভাৱত ১০ ফেব্ৰুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীৰ মাজত এই সপ্তাহত দুৰ্দান্ত লাভ হ’ব পাঁচ ৰাশিৰ জাতকৰ৷ জানি থওক আগন্তুক সপ্তাহত ভাগ্য খুলিব কোন কোন ৰাশিৰ?
মেষ ৰাশি
ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত বিশেষ সাফল্য আহিব মেষ ৰাশিৰ জাতকৰ জীৱনত৷ সপ্তাহৰ আৰম্ভণিতেই কৰ্মক্ষেত্ৰত ডাঙৰ কোনো সন্মান পাব পাৰে আপুনি৷ আপুনি কৰা কামৰ প্ৰশংসাত সকলো পঞ্চমুখ হ’ব৷ ছিনিয়ৰৰ প্ৰশংসা পাব আপুনি৷ আগন্তুক সপ্তাহত চমকপ্ৰদভাৱে কোনো ডাঙৰ সমস্যাৰ পৰা মুক্তি পাব মেষ ৰাশিৰ জাতকে৷
বৃষ ৰাশি
মালব্য ৰাজযোগৰ প্ৰভাৱত আগন্তুক সপ্তাহত সুখ আৰু সমৃদ্ধি লাভ কৰিব পাৰে বৃষ ৰাশিৰ জাতকে৷ এই সময়ত পিতৃ মাতৃৰ সহায় আৰু আশীৰ্বাদ লাভ কৰিব৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ বৰ্তি থাকিব৷ ১০ৰ পৰা ১৭ ফেব্ৰুৱাৰীৰ মাজত পাৰ্টনাৰৰ সৈতে খুব ভাল সময় কটোৱাৰ সুযোগ পাব৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা লাভৱান হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















