ডেব্যু মেচতেই ৰেকৰ্ড গঢ়িলে বৰুণ চক্ৰৱৰ্তীয়ে
আজি ভাৰত-ইংলেণ্ডৰ দ্বিতীয়খন এদিনীয়া। ইংলেণ্ডে টছত জয়লাভ কৰি দেওবাৰে ভাৰতৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। ইংলেণ্ডে বৰ্তমানলৈ ৩ টা উইকেট হেৰুৱাই ৩০ অভাৰত ১৬৯ ৰান কৰিছে।
এই মেচতেই ৰহস্যময় স্পিনাৰ বৰুণ চক্ৰৱৰ্তীয়ে এদিনীয়াত অভিষেক ঘটাব। যশস্বী জয়ছোৱাল আৰু কুলদীপ যাদৱ আজিৰ খেলখনত স্থান পোৱা নাই। এই দুটা স্থানত আছে বিৰাট কোহলী আৰু বৰুণ।
পাছে আজি ভাৰতৰ হৈ এদিনীয়াত অভিষেক ঘটোৱা অভিষেক চক্ৰৱৰ্তীয়ে ৰেকৰ্ড গঢ়িছে। অভিষেক ঘটোৱা দ্বিতীয় বয়সীয়াল খেলুৱৈ হিচাপে পৰিগণিত হৈছে বৰুণ চক্ৰৱৰ্তী ৷ বৰুণে ৩৩ বছৰ ১৬৪ দিন বয়সত এদিনীয়াত অভিষেক ঘটায়। ভাৰতৰ হৈ অভিশেক ঘটোৱা বয়সীয়াল খেলুৱৈৰ তালিকাত দ্বিতীয় হিচাপে ৰেকৰ্ড গঢ়ে বৰুণে।
ভাৰতৰ হৈ এদিনীয়াত অভিষেক ঘটোৱা বয়সীয়াল খেলুৱৈ-
৩৬ বছৰ ১৩৮ বছৰ – ফাৰুক ইঞ্জিনিয়াৰ ১৯৭৪ চন
৩৩ বছৰ ১৬৪ বছৰ- বৰুণ চক্ৰৱৰ্তী ২০২৫ চন
৩৩ বছৰ ১০৩ বছৰ- অজিত ৱাডেকাৰ ১৯৭৪ চন
৩২ বছৰ ৩৫০ বছৰ – দিলীপ দোষী ১৯৮০ চন
৩২ বছৰ ৩০৭ বছৰ- চৈয়দ আবিদ আলী ১৯৭৪ চন
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















