জ্যোতিষশাস্ত্ৰত সমস্ত গ্ৰহৰ বিশেষ গুৰুত্ব আছে৷ সেয়ে প্ৰতিটো গ্ৰহৰ স্থান পৰিবৰ্তনে ১২ ৰাশিৰ ওপৰত শুভ আৰু অশুভ প্ৰভাৱ পেলাই৷ ২০২৫ চনত বহু গ্ৰহই নিজৰ ৰাশিচক্ৰ আৰু নক্ষত্ৰ পৰিবৰ্তন কৰিছে৷ শুক্ৰক ধন-বৈভৱ, প্ৰেম আৰু সৌন্দৰ্যৰ কাৰক গ্ৰহ বুলি কোৱা হয়৷ জ্যোতিষশাস্ত্ৰ অনুসৰি কুণ্ডলীত শুক্ৰৰ অৱস্থান শক্তিশালী হ’লে জীৱন সুখ আৰু সমৃদ্ধিৰে ভৰি উঠে৷ সেয়ে শুক্ৰৰ অৱস্থান পৰিবৰ্তনে বিভিন্ন ৰাশিৰ জীৱনলৈ বৃহৎ সালসলনি আনিব পাৰে৷
বিগত ২ মাৰ্চৰ পুৱা ৫ বাজি ১২ মিনিটত ওলোটাপথেৰে যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছে শুক্ৰই৷ প্ৰায় ৯০ দিন মীন ৰাশিত অৱস্থান কৰি শুক্ৰই ৫ ৰাশিৰ জীৱনলৈ বিৰাট পৰিবৰ্তন আনিব৷ আপুনিও আছে নেকি সৌভাগ্যশালী ৰাশিৰ তালিকাত? জানি থওক কাৰ কাৰ সৌভাগ্যৰ দুৱাৰ খুলিব?
মেষ ৰাশি
শুক্ৰৰ বক্ৰী গতি মেষ ৰাশিৰ বাবে লাভজনক হ’ব৷ সংসাৰত অৰ্থ সংকট দূৰ হ’ব৷ কেৰিয়াৰত উন্নতিৰ সুযোগ পাব পাৰে৷ কৰ্মক্ষেত্ৰত বহুদিনৰ পৰিশ্ৰম কামত আহিব৷ ব্যৱসায়ত লাভৰ মুখ দেখা পাব৷ সংগীৰ সৈতে সম্পৰ্ক মজবুত হ’ব৷
কৰ্কট ৰাশি
শুক্ৰৰ প্ৰভাৱত কৰ্কট ৰাশিৰ ভাগ্য সদয় হ’ব৷ ঘৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন হ’ব পাৰে৷ কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব৷ নতুন কামৰ দায়িত্ব পাব পাৰে৷ ব্যৱসায়ত ডাঙৰ চুক্তি কৰিব পাৰে যিয়ে ভৱিষ্যতৰ বাবে লাভজনক হ’ব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে ফুৰিবলৈ যাব পাৰে৷
তুলা ৰাশি
শুক্ৰৰ বক্ৰী দশাই তুলা ৰাশিৰ অৰ্থভাগ্য সলনি কৰি দিব৷ বহু দিন ৰৈ থকা ধন পাব পাৰে৷ লটাৰী কাটিলে কিংবা ডাঙৰ বিনিয়োগ কৰিলেও লাভবান হ’ব৷ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে৷ যি কোনো কামত পৰিয়ালৰ সহযোগিতা পাব৷
ধনু ৰাশি
শুক্ৰৰ প্ৰভাৱত জীৱনৰ বিভিন্ন দুশ্চিন্তা ক্ৰমশ দূৰ হ’ব৷ আয়ৰ নতুন উৎস বিচাৰি পাব৷ শ্বেয়াৰ বজাৰত অৰ্থ লগ্নি কৰিলে ভৱিষ্যতে লাভ পাব৷ দাম্পত্যত সুখ থাকিব৷ সন্তানৰ পৰা কোনো সুখবৰ পাব পাৰে৷
মীন ৰাশি
মীন ৰাশিৰ ওপৰত শুক্ৰৰ বক্ৰী দশাই সকলোতকৈ বেছি প্ৰভাৱ পেলাব৷ ব্যক্তিত্বত ইতিবাচক পৰিবৰ্তন আহিব পাৰে৷ সমাজত মান সন্মান বাঢ়িব৷ কামৰ চাপ বাঢ়িব পাৰে৷ পেছাগত আৰু ব্যক্তিগত জীৱনৰ মাজত সামঞ্জস্য ৰাখিব লাগিব৷ অবিবাহিতসকলৰ বিবাহৰ যোগ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















