• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্ববাসীত স্তম্ভিত কৰি ভাৰতে শীঘ্ৰেই আৰম্ভ কৰিব অতি শক্তিশালী হাইড্ৰ’জেন ৰে’ল

বিশ্ববাসীত স্তম্ভিত কৰি ভাৰতে শীঘ্ৰেই আৰম্ভ কৰিব অতি শক্তিশালী হাইড্ৰ’জেন ৰে’ল

1 year ago
‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

47 minutes ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

2 hours ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

2 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

19 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

20 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

20 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

21 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

22 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

22 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

23 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

24 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিশ্ববাসীত স্তম্ভিত কৰি ভাৰতে শীঘ্ৰেই আৰম্ভ কৰিব অতি শক্তিশালী হাইড্ৰ’জেন ৰে’ল

editor by editor
March 25, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত
0
বিশ্ববাসীত স্তম্ভিত কৰি ভাৰতে শীঘ্ৰেই আৰম্ভ কৰিব অতি শক্তিশালী হাইড্ৰ’জেন ৰে’ল
0
SHARES
653
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্ববাসীত স্তম্ভিত কৰি ভাৰতে শীঘ্ৰেই আৰম্ভ কৰিব অতি শক্তিশালী হাইড্ৰ’জেন ৰে’ল

বিশ্ববাসীক স্তম্ভিত কৰি ভাৰতে অতি শীঘ্ৰেই মুকলি কৰিবলৈ ওলাইছে অতিকে শক্তিশালী তথা অতি দ্ৰুত হাইড্ৰ’জেন ৰে’ল। যি ৰে’লে কোনো ধোঁৱা নিৰ্গত নকৰাকৈ, পৰিৱেশৰ ক্ষতি নকৰাকৈ, বতাহত কেৱল পানীৰ টোপাল এৰি যোৱা দ্ৰুত ৰে’ল সেৱা আৰম্ভ হবলৈ গৈ আছে।

ভাৰতৰ এই সপোন এতিয়া বাস্তৱত পৰিণত হ’বলৈ গৈ আছে। ভাৰতে প্ৰথমখন সবাতোকৈ শক্তিশালী হাইড্ৰজেন ৰে’ল মুকলি কৰিবলৈ সাজু হৈছে যিখন কেৱল প্ৰযুক্তিগত উন্নতিৰ প্ৰতীক হোৱাই নহয় দেশৰ সেউজ ভৱিষ্যতৰ দিশত এক ডাঙৰ পদক্ষেপ হিচাপেও প্ৰমাণিত হ’ব।

এই ৰে’লে আধুনিক ভাৰতৰ গতি আৰু অধিক ত্বৰান্বিত কৰাৰ লগতে পৰিৱেশ সুৰক্ষিত কৰি ৰাখিব, যিটো প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয়।

এই ৰে’লখন ২০২৫ চনৰ জুন মাহৰ পাছত ট্ৰেকত চলাৰ সম্ভাৱনা আছে। ভাৰতীয় ৰে’ল মন্ত্ৰালয়ে এই প্ৰকল্পটো ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ কামত নিয়োজিত হৈ আছে। ইয়াৰ পূৰ্বে এই ৰে’লখন ২০২৪ চনৰ জুন মাহৰ পূৰ্বে মুকলি কৰাৰ পৰিকল্পনা আছিল যদিও পৰীক্ষাৰ সময়ত কাৰিকৰী সমস্যাৰ বাবে ইয়াৰ তাৰিখ বৃদ্ধি কৰা হৈছে।

২০২৩-২৪ চনৰ বাজেটত ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত এই ৰে’লখন আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। হাইড্ৰজেন ইন্ধনেৰে চলা এই ৰে’লে পৰিৱেশৰ কোনো ক্ষতি নোহোৱাকৈ সেউজ শক্তিৰ নতুন যুগৰ সূচনা কৰিব।

এই ৰেলখনত হাইড্ৰজেন আৰু অক্সিজেন মিহলাই বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰা হ’ব, যিয়ে ৰে’লখন চলাব। এই ৰেলখনৰ পৰা কেৱল জলীয় বাষ্পহে ওলাব, অৰ্থাৎ ই কোনো ধৰণৰ প্ৰদূষণৰ সৃষ্টি নকৰে আৰু পৰিৱেশৰ বাবেও সুৰক্ষিত হ’ব।

ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মতে ভাৰতৰ এই হাইড্ৰ’জেন ৰে’লখন কেৱল দেশৰ বাবেই নহয় সমগ্ৰ বিশ্বৰ বাবেও ঐতিহাসিক হ’ব। এই ৰেলখন হ’ব বিশ্বৰ আটাইতকৈ দীঘল (১০টা ডবা) আৰু শক্তিশালী (২৪০০ কিলোৱাট) হাইড্ৰ’জেন ৰে’ল।

ভাৰতীয় ৰেলৱেৰ নেতৃত্বত চলি থকা এই প্ৰকল্পটো গৱেষণা, ডিজাইন আৰু মানদণ্ড সংস্থা (RDSO)ৰ দ্বাৰা এই ৰেলখনৰ প্ৰযুক্তি আৰু ডিজাইন প্ৰস্তুত কৰা হৈছে। উত্তৰ ৰে’লৱেৰ দিল্লী বিভাগে নিৰ্মাণ কৰি থকা ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল হাৰিয়ানাৰ ৮৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ জিন্দ-শোনিপাট পথত চলিব।

এই প্ৰকল্পটো সফল কৰিবলৈ ৰে’ল মন্ত্ৰালয়ে ২০২৩-২৪ চনত ২৮০০ কোটি টকা অনুমোদন কৰিছিল। এই ধনেৰে ৩৫খন হাইড্ৰজেন চালিত ৰে’ল নিৰ্মাণ হ’ব, ইয়াৰ ফলত ভাৰতত স্বচ্ছ আৰু পৰিৱেশ অনুকূল ৰে’লৰ সংখ্যা বৃদ্ধি পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Environment Friendly TrainFastest TrainIndian Train
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!
বিনোদন

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

May 1, 2026
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত
ভাৰত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

May 1, 2026
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!
বাণিজ্য

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

May 1, 2026
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

April 30, 2026
Next Post
সূৰ্যগ্ৰহণৰ সময়ত বিপদে লগ দিব এই ৰাশিক, সাৱধানে থকাটো প্ৰয়োজন

সূৰ্যগ্ৰহণৰ সময়ত বিপদে লগ দিব এই ৰাশিক, সাৱধানে থকাটো প্ৰয়োজন

১৬০০০ কোটি টকাৰ চুক্তি, চীনৰ ঔষধেৰে বিশ্বত শাসন কৰিবলৈ সাজু আমেৰিকা

১৬০০০ কোটি টকাৰ চুক্তি, চীনৰ ঔষধেৰে বিশ্বত শাসন কৰিবলৈ সাজু আমেৰিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.