জম্মু-কাশ্মীৰৰ কঠুৱাত এনকাউণ্টাৰ, ৩ সেনা জোৱান শ্বহীদ, ৩ আততায়ী নিহত
জম্মু-কাশ্মীৰৰ কথুৱাত ভাৰতীয় নিৰাপত্তা বাহিনীৰ নিষিদ্ধ সংগঠনৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। ইয়াত লুকাই থকা একাংশ সন্ত্ৰাসবাদীৰ তথ্যৰ ভিত্তিত আৰম্ভ হোৱা অনুসন্ধান অভিযান এনকাউণ্টাৰলৈ ৰূপান্তৰিত হয়। ইয়াৰ পিছতে সেনা আৰু আৰক্ষীৰ জোৱান আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীচালনা হয়।
এই এনকাউণ্টাৰত শ্বহীদ হ’য় জম্মু-কাশ্মীৰ আৰক্ষীৰ তিনিজন জোৱান। আনহাতে দুজন সন্ত্ৰাসবাদীও নিহত হয়। তালাচী অভিযানৰ সময়ত ৫ জন আৰক্ষী জোৱান আহত হোৱাৰ তথ্যও পোহৰলৈ আহিছে।
লাভ কৰা তথ্য অনুসৰি কঠুৱাত ৩-৪ জন সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ কথা পোহৰলৈ আহিছিল, সেই সন্ত্ৰাসবাদীৰ সন্ধান চলাওতেই এই ঘটনা সংঘটিত হয়। বৰ্তমানেও অঞ্চলটোত চলি আছে অনুসন্ধান অভিযান।
কঠুৱাত বৰ্তমানে নিৰাপত্তা বাহিনীয়ে প্ৰায় পাঁচজন সন্ত্ৰাসবাদী অনুপ্ৰৱেশকাৰীৰ এটা দলক নিৰ্মূল কৰাৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলিছে। বিষয়াসকলে জনোৱা মতে, এই এনকাউণ্টাৰৰ সময়ত প্ৰচণ্ড গুলীচালনা আৰু বিস্ফোৰণ সংঘটিত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















