বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি, সৌৰমণ্ডলৰ সকলোতকৈ সৰু গ্ৰহ বুধ৷ গ্ৰহৰ ৰাজকুমাৰ বুধক তীক্ষ্ণ বুদ্ধি, বিবেক আৰু যৌক্তিক ক্ষমতাৰ কাৰক বুলি ধাৰণা কৰা হয়৷ প্ৰতি ১৫ দিনৰ অন্তৰে অন্তৰে বুধে ৰাশি পৰিবৰ্তন কৰে৷ আজি ৭ মে’ত বুধে মীন ৰাশি ত্যাগ কৰি মেষ ৰাশিত প্ৰৱেশ কৰিব৷ তাতেই সূৰ্য ইতিমধ্যে উপস্থিত আছে৷ এই সংযোগত বুধাদিত্য যোগো তৈয়াৰ হব৷ আৰু বুধৰ এই ৰাশি পৰিবৰ্তনে চাৰি ৰাশিৰ ভাগ্য সলনি কৰিব৷ কাৰ কাৰ সুদিন উভতিব?
মেষ ৰাশি
২০২৫ত সকলো ধৰণৰ সৌভাগ্য লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ নতুন চাকৰি লাভ কৰাৰ সম্ভাৱনা আছে৷ বহু দিন ৰৈ থকা কাম সম্পন্ন হ’ব৷ ব্যৱসায়ত লাভ হব পাৰে৷ যিকোনো সিদ্ধান্ত ভাৱিচিন্তি ল’লে সুফল পাব৷
সিংহ ৰাশি
বুধ আৰু সূৰ্যৰ মিলনত সিংহ ৰাশিৰ কেৰিয়াৰত উন্নতিৰ সম্ভাৱনা আছে৷ বৈবাহিক জীৱন সুখৰ হ’ব৷ চাকৰিজীৱীয়ে নতুন দায়িত্ব পাব পাৰে৷ কামৰ মাধ্যমেৰে সকলোৰে মন জয় কৰিব৷ কৰ্মক্ষেত্ৰত কামৰ সন্তুষ্টি পাব৷
কন্যা ৰাশি
বুধৰ গোচৰ কন্যা ৰাশিৰ বাবে লাভজনক হব৷ কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ ফল পাব৷ নিজৰ লক্ষ্য স্থিৰ ৰাখি আগুৱাই যাওক৷ সাফল্য আহিব৷ মে মাহৰ শেষৰ ফালে জীৱনৰ যাৱতীয় সমস্যাৰ সমাধান পাব৷ কামত খ্যাতি বাঢ়িব৷
ধনু ৰাশি
বুধৰ প্ৰভাৱত সুদিন উভতি আহিব ধনু ৰাশিৰ৷ জীৱনৰ সকলো ক্ষেত্ৰতই উন্নতিৰ সুযোগ আহিব৷ চাকৰিত কামৰ প্ৰশংসা পাব৷ সমাজত সন্মান, প্ৰতিপত্তি বাঢ়িব৷ নিজৰ ব্যৱহাৰেৰে সকলোৰে মন জয় কৰিব পাৰিব৷৷ সন্তানৰ পৰা সুখবৰ পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















