সফল হৈছে অপাৰেছন সেন্দুৰ৷ সকলোকে এক্স হেণ্ডেলযোগে অপাৰেছনৰ সফলতাৰ কথা জনাইছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে৷ তেওঁ কয়, ‘ভাৰতীয় সেনাই ইতিহাস ৰচিলে৷ ভাৰতীয় সেনাই বিশ্বৰ দৰবাৰত নিজৰ শক্তিৰ আকৌ প্ৰমাণ দিলে৷ সেনাৰ লগতে প্ৰধানমন্ত্ৰীকো ইয়াৰবাবে ধন্যবাদ৷’
প্ৰতিৰক্ষামন্ত্ৰীয়ে লগতে কয়, ‘সেইসকলকহে মৰা হৈছে যিয়ে আমাৰ নিৰীহ মানুহক মাৰিছে৷ পাকিস্তান আৰু সন্ত্ৰাসক কাঢ়া জৱাব দিয়া হৈছে৷ সঠিকভাৱে প্ৰতিশোধ ল’লেও মানবীয়তা পাহৰি যোৱা নাই ভাৰতীয় সেনাই৷ এয়া বিৰাটেই গৌৰৱৰ কথা৷’
ভাৰতীয় সেনাবাহিনীৰ কথা তুলি কেন্দ্ৰীয় কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, ‘এই দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ থাকিব৷ কোনো নাগৰিকৰ ঘৰত আমি আক্ৰমণ কৰা নাই৷ দেশক আকৌ এবাৰ বিশ্বৰ চকুত উজলাই তুলিছে ভাৰতীয় সেনাই৷ পাকিস্তানক কাঢ়া জৱাব দিছে ভাৰতে৷ যি লক্ষ্যৰে অভিযান চলিছিল সেই লক্ষ্য পূৰণ হৈছে৷’
উল্লেখ্য যে মাজনিশা চলোৱা এই অপাৰেছনত ইতিমধ্যেই ৮০-৯০ জন সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে৷ তাৰোপৰি ২৬ জন পাকিস্তানী নাগৰিকৰো মৃত্যু হৈছে৷ পঞ্জাৱ প্ৰদেশত যি চাৰিটা সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতীয় বিমান বাহিনীয়ে টাৰ্গেট কৰিছিল সেইসমূহ হৈছে মাৰকাজ ছুভান আল্লাহ, মাৰকাজ তৈবা, মেহমোনা জয়া আৰু ছাৰ্জাল কেম্প৷
পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যাঘাতত পাকিস্তানৰ আৰু পাক অধিকৃত কাশ্মীৰৰ একাধিক সন্ত্ৰাসবাদী ঘাটিত চৰম আঘাত কৰিছে ভাৰতৰ প্ৰতিৰক্ষা বাহিনীয়ে৷ মাজনিশা অপাৰেছন সেন্দুৰৰ মাধ্যমেৰে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯ স্থানত সন্ত্ৰাসবাদী ঘাটি উৰুৱাই দিছে ভাৰতে৷
অন্যহাতে ইছলামাবাদৰ তৰফৰ পৰা জনোৱা হৈছে, ভাৰতৰ আক্ৰমণত ২৬ গৰাকী পাকিস্তানী নাগৰিকে প্ৰাণ হেৰুৱাইছে৷ আহত হৈছে আৰু ৪৬জন৷ এই আক্ৰমণৰ পাছতেই পাকিস্তানৰ প্ৰধানমন্ত্ৰী শেহবাজ ছৰিফে জনাইছে যে ভাৰতৰ এই আক্ৰমণৰ যোগ্য জৱাব তেওঁলোকে দিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















