প্ৰষ্টেট গ্ৰন্থি পুৰুষৰ প্ৰজননতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ অংশ৷ এই গ্ৰন্থিয়ে বীৰ্য তৈয়াৰত সহায় কৰে৷ বয়স বঢ়াৰ লগে লগেই এই গ্ৰন্থিৰ কৰ্কট হোৱাৰ আশংকা বাঢ়ে পুৰুষৰ৷ সাধাৰণতে প্ৰষ্টেট কৰ্কট ধীৰে ধীৰে বৃদ্ধি পায় আৰু প্ৰাথমিক পৰ্যায়ত কোনো লক্ষণ দেখা নাযায়৷ কিছু ক্ষেত্ৰত ই কেতিয়াবা দ্ৰুত গতিত বিয়পিও পৰে৷ প্ৰাথমিক পৰ্যায়ত ৰোগ নিৰ্ণয় হ’লে প্ৰষ্টেট কৰ্কটৰ সফল চিকিৎসা সম্ভৱ৷
কেনেকৈ চিনিব এই ৰোগ?
প্ৰষ্টেট কৰ্কটৰ প্ৰাথমিক পৰ্যায়ত তেনে কোনো সুস্পষ্ট উপসৰ্গ দেখা নাযাব পাৰে৷ এই ৰোগ বাঢ়িলে কিছু লক্ষণে দেখা দিব পাৰে৷ কেনে কেইটামান উপসৰ্গ হৈছে-
- ঘনে ঘৰে প্ৰস্ৰাৱৰ বেগঃ বিশেষকৈ নিশা বাৰে বাৰে প্ৰস্ৰাৱ লগা যেন অনুভৱ কৰা৷
- প্ৰস্ৰাৱ আৰম্ভ হ’লে বন্ধ নোহোৱাঃ প্ৰস্ৰাৱ আৰম্ভ হওঁতে অস্বস্তি লাগিলেও আৰম্ভণিৰ পাছত সেয়া বন্ধ নোহোৱা৷
- দুৰ্বল বা লাহে লাহে প্ৰস্ৰাৱ হোৱাঃ প্ৰস্ৰাৱৰ বেগ দুৰ্বল হোৱা অথৱা এবাৰতে প্ৰস্ৰাৱ নহৈ ধীৰে ধীৰে প্ৰস্ৰাৱ হোৱা৷
- প্ৰস্ৰাৱৰ সময়ত বিষঃ প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা কৰা বা অস্বস্তি অনুভৱ কৰা৷
- প্ৰস্ৰাৱ বা বীৰ্যত তেজঃ প্ৰস্ৰাৱৰ সৈতে অথৱা বীৰ্যৰ সৈতে তেজ যোৱা৷
- কঁকাল, নিতম্ব বা পেলভিছত বিষঃ কঁকাল, নিতম্ব বা পেলভিছৰ হাড়ত বিষ অনুভৱ কৰা৷
- ইৰেকটাইল ডিছফাংছনঃ লিঙ্গোত্থানত সমস্যা হোৱা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















