মহাৰেকৰ্ড গঢ়ি বিশ্ববাসিক হতচকিত কৰিলে অভিশেক শৰ্মাই, এই অভিলেখ গঢ়া একমাত্ৰ ভাৰতীয়
এক মহাৰেকৰ্ডৰ গৰাকী হবলৈ সক্ষম হৈছে অভিশেক শৰ্মা। আই পি এল ২০২৫ৰ ৬১ সংখ্যক মেচত হায়দৰাবাদৰ অভিষেক শৰ্মাই পুনৰবাৰ লক্ষ্ণৌৰ বিৰুদ্ধে নিজৰ ইনিংছেৰে অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়।
এই খেলখনত অভিষেকে মাত্ৰ ২০টা বলত ৫৯ ৰানৰ উজ্জ্বল ইনিংছ খেলিবলৈ সক্ষম হৈছে অভিষেকে। নিজৰ ইনিংছত অভিষেকে ৪টা চাৰি আৰু ৬টা ছয় কোবাই। অভিষেকৰ ইনিংছৰ ভিত্তিতেই হায়দৰাবাদে ৬ উইকেটত জয়লাভ কৰিবলৈ সক্ষম হয়।
বিস্ফোৰক ইনিংছৰ পাছত এতিয়া অভিষেক আই পি এলৰ ইতিহাসত ২০টাতকৈও কম বলত চাৰিটা অৰ্ধশতক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে।
অভিষেকৰ পূৰ্বে কোনো ভাৰতীয়ই IPL ত এনে কৃতিত্ব কৰা নাছিল। অভিষেক শৰ্মাই ২০২৪ চনত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ১৬টা বলত, ২০২৪ ত ১৯টা বলত আৰু ২০২৫ চনত ১৮টা বলত লক্ষ্ণৌৰ বিৰুদ্ধে আৰু ২০২৫ চনত পঞ্জাব কিংছৰ বিৰুদ্ধে ১৯টা বলত অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
ইয়াৰ বাহিৰেও অভিষেক শৰ্মাই ২০২৪ ৰ পৰা বৰ্তমানলৈ আই পি এলত সৰ্বাধিক ছয় কোবোৱা বেটছমেন হিচাপে পৰিগণিত হৈছে। ২০২৪ চনৰ পৰা এতিয়ালৈকে অভিষেকে আই পি এলত ২৭টা ইনিংছ খেলি মুঠ ৬৫টা ছয় কোবাইছে।
২০২৪ চনৰ পিছৰ পৰা বৰ্তমানলৈ আই পি এলত সৰ্বাধিক ছয় কোবোৱা ভাৰতীয় খেলুৱৈৰ তালিকা-
৬৫* – অভিষেক শৰ্মা (২৭ ইনিংছ)
৬০ – ৰিয়ান পৰাগ (২৭ ইনিংছ)
৬০ – বিৰাট কোহলী (২৬ ইনিংছ)
৪৫ – শিৱম ডুবে (২৬ ইনিংছ)
৪৫ – প্ৰভসীমৰণ সিং (২৩ ইনিংছ)
৪৪- সূৰ্য্যকুমাৰ যাদৱ (২৩ ইনিংছ)
৪৩ – ৰাজত পাটিদাৰ (২৩ ইনিংছ)
৪২ – যশস্বী জয়ছৱাল (২৮ ইনিংছ)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















